NORTHEAST NOW (Assamese)
অসম

১০ বজালৈ হোৱা ভোটগণনাত বিজেপি, কংগ্ৰেছ অসমৰ কোন সমষ্টিত কোনে অগ্ৰগতি লাভ কৰিছে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 23, 2019 9:59 am
Loksabha election 2019: Assam's 'on the way' MP's

বৰ্তমানলৈ হৈ যোৱা ভোট গণনা অনুসৰি অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভোট গণনাৰ ভিতৰত ৯ টা সমষ্টিত বিজেপি, ৩ টা সমষ্টিত কংগ্ৰেছ আৰু ১ টা সমষ্টিত অন্যান্য দলৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰি আছে। (১০ বজালৈ হোৱা ভোট গণনা অনুসৰি)

কলিয়াবৰ লোকসভা সমষ্টিঃ কংগ্ৰেছৰ গৌৰৱ গগৈ অগপ প্ৰাৰ্থী মনি মাধৱ মহন্ততকৈ আগবাঢ়ি আছে।

লখিমপুৰ লোকসভা সমষ্টিঃ বিজেপিৰ প্ৰদান বৰুৱাই অগ্ৰগতি লাভ কৰিছে।

যোৰহাটত লোকসভা সমষ্টিঃ কংগ্ৰেছৰ প্ৰাৰ্থী সুসান্ত বুঢ়াগোহাঁই বিজেপি প্ৰাৰ্থী তপন গগৈতকৈ আগবাঢ়ি আছে।

গুৱাহাটী লোকসভা সমষ্টিঃ বিজেপি প্ৰাৰ্থী কুইন ওজাই কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মাতকৈ আগবাঢ়ি আছে।

কোকৰাঝাৰ লোকসভা সমষ্টিঃ নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া আগবাঢ়ি আছে প্ৰমীলা ৰাণী ব্ৰহ্মতকৈ।

ধুবুৰী লোকসভা সমষ্টিঃ  এ আই য়ু ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল আগবাঢ়ি আছে।

শিলচৰত লোকসভ সমষ্টিঃ  কংগ্ৰেছ প্ৰাথী সুস্মিতা দেৱ বৰ্মনে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে।

নগাঁও লোকসভ সমষ্টিঃ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে।

মঙলদৈ লোকসভা সমষ্টিঃ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া আগবাঢ়ি আছে।

ডিব্রুগড় লোকসভ সমষ্টিঃ ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ ৰামেশ্বৰ তেলী আগবাঢ়ি আছে।

স্বায়ত্ত শাসিত পৰিষদ লোকসভা সমষ্টিঃ বিজেপিৰ হৰেণ সিং বেৰ অগ্ৰগতি লাভ কৰি আছে।

কৰিমগঞ্জ লোকসভ সমষ্টিঃ বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মাল্লাই আগবাঢ়ি আছে।

বৰপেটা লোকসভা সমষ্টিঃ বৰপেটাত মিত্ৰজোটৰ অগপৰ প্ৰাৰ্থী কুমাৰ দীপক দাস আগবাঢ়ি আছে।

তেজপুৰ লোকসভা সমষ্টিঃ তেজপুৰত বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস আগবাঢ়ি আছে।