NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰলৈ গৌৰৱ কঢ়িয়ালে বিষয় শিক্ষকৰ অভাৱেৰে চলা এখন বিদ্যালয় আৰু দুগৰাকী ছাত্ৰীয়ে

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা May 25, 2019 10:16 pm
Lunamoni

ছজনকৈ বিষয় শিক্ষকৰ অভাৱৰ মাজেৰে চলি অহা কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ে আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত এশ শতাংশ সফলতা লাভ কৰিছে।

হাটবৰস্থিত বিদ্যালয়খনৰ মুঠ ১২৫গৰাকী ছাত্ৰীয়ে পৰীক্ষা অৱতীৰ্ণ হৈছিল। আটাইকেইগৰাকী ছাত্ৰী উত্তীৰ্ণ হোৱাৰ লগতে ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৬০গৰাকী, ৪৮গৰাকী দ্বিতীয় বিভাগত আৰু ১৭গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীকেইগৰাকীৰ ২০গৰাকীয়ে লাভ কৰে ষ্টাৰ মাৰ্ক।

বিদ্যালয়খনৰ লুনামণি হাজৰিকা আৰু মধুস্মিতা বৰাই খুচুৰা ব্যৱসায় (Retail Trade) বিষয়ত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ ৯৮ নম্বৰ লাভ কৰিছে। দুয়োগৰাকীয়ে সামগ্ৰিকভাৱে ৮৮ শতাংশকৈ নম্বৰ লাভ কৰিছে।

বিদ্যালয়খনৰ ছাত্ৰীসকলে লাভ কৰা লেটাৰ নম্বৰ এনে ধৰণৰ:- খুচুৰা ব্যৱসায়ত ৩৯ গৰাকীয়ে, ভূগোলত ৩১গৰাকীয়ে, অসমীয়াত ২৩গৰাকীয়ে, শিক্ষা ১০গৰাকীয়ে, তথ্য প্ৰযুক্তি ৯গৰাকীয়ে, অৰ্থনীতিত ৪গৰাকীয়ে, ৰাজনীতি বিজ্ঞানত ২ গৰাকীয়ে আৰু ইংৰাজীত ২গৰাকীয়ে।