NORTHEAST NOW (Assamese)
অসম

অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়া ৰে’ল ষ্টেচনত উদ্ধাৰ অসমীয়া যুৱকৰ মৃতদেহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 27, 2019 9:51 pm
dead body found at Andhra Pradesh

বহিঃৰাজ্যত কামৰ সন্ধানত গৈ পুনৰ মৃত্যুক সাৱতিব লগা হৈছে অসমৰ এজন যুৱকে। অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাডা ৰে’ল ষ্টেচনত উদ্ধাৰ হয় বুধিন গগৈ নামৰ অসমীয়া যুৱকজনৰ।

বুধিন গগৈৰ ঘৰ লখিমপুৰ জিলাৰ পহুমৰাত। ঘটনাৰ বিৱৰণী অনুসৰি অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়া ৰেল ষ্টেচনত কৰ্তব্যৰত পহৰাদাৰী ৰে’ল আৰক্ষীয়ে এটা অচিনাক্ত মৃত্যদেহ প্ৰত্যক্ষ কৰে।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে যুৱকজনৰ মৃতদেহটো সন্দৰ্ভত তদন্ত চলাই যুৱকজনৰ ঘৰ অসমত বুলি নিশ্চিত হয় আৰু উত্তৰ-পূব সীমান্ত  ৰে’লৱেৰ লগত ঘটনা সন্দৰ্ভত যোগাযোগ স্থাপন কৰে।

ৰে’ল ষ্টেচনত উদ্ধাৰ হোৱা অসমীয়া যুৱকজনৰ গাত আঘাতৰ চিন স্পষ্ট হৈ আছে। ইয়াৰদ্বাৰা এয়া হত্যাকাণ্ড বুলিয়ে প্ৰায় নিশ্চিত হৈছে।

উল্লেখযোগ্য যে, বুধিন গগৈ হায়দৰাবাদৰ এটা কোম্পানীত কৰ্মৰত হৈ আছিল। ২৪ মে’ত তেওঁ পৰিয়ালৰ লোকক ফোন কৰি ঘৰলৈ আহি থকা বুলি জনাইছিল। এনেদৰে ঘৰলৈ উভতি অহাৰ সময়ত যুৱকজনে মৃত্যুক সাৱতিব লগা হোৱা ঘটনাই লখিমপুৰৰ পহুমৰা গাঁৱত শোকৰ সৃষ্টি কৰিছে।