NORTHEAST NOW (Assamese)
অসম

সুখ্যাতিৰে উত্তীৰ্ণ হৈও উচ্চশিক্ষা গ্ৰহণৰ পথ দেখা নাই কলিয়াবৰৰ তিনিজন কৃতী ছাত্ৰই; সাহায্যৰ আহ্বান

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা May 28, 2019 8:07 pm
Students

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কলিয়াবৰৰ তিনিটা দুখীয়া পৰিয়ালৰ তিনিজন মেধাৱী ছাত্ৰই সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছতো উচ্চশিক্ষা গ্ৰহণৰ পথত থমকি ৰ’ব লগা হৈছে।

দিন মজুৰি কৰি পৰিয়াল পোহপাল দিয়া অভিভাৱককেইজনে সাহস আৰু সম্বলৰ অভাৱত ভুগিছে ছাত্ৰকেইজনৰ মেধাশক্তিক অধিক আগুৱাই নিয়াৰ ক্ষেত্ৰত।

কলিয়াবৰ অঞ্চলৰ হাটীগাঁও নিৱাসী অজিত শইকীয়া আৰু ৰীতা শইকীয়াৰ পুত্ৰ ৰিদিপ শইকীয়া, উলুৱনি গাঁৱৰ দুলন হাটীমতা আৰু মিনু হাটীমতাৰ পুত্ৰ দীপজ্যোতি হাটীমতা আৰু বৰুৱাচুক গাঁৱৰ ভুজেন বৰুৱা আৰু প্ৰণীতা বৰুৱাৰ পুত্ৰ মৃগাংক বৰুৱা –এই তিনিওজনে পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ মাজতো সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮০ শতাংশৰো অধিক নম্বৰ লৈ উত্তীৰ্ণ হয়। ৰিদিপ শইকীয়াই ৮৭.৬৬ শতাংশৰে ডিষ্টিংচন পোৱাৰ বিপৰীতে দীপজ্যোতিয়ে ৮৪.১৭ শতাংশেৰে ষ্টাৰ নম্বৰ লাভ কৰে আৰু মৃগাংক বৰুৱাই চাৰিটা বিষয়ত লেটাৰসহ ৮২ শতাংশ নম্বৰ লাভ কৰিছে।

কি্ন্তু এই মেধাৱী ছাত্ৰকেইজনৰ পৰিয়ালকেইটাৰ আৰ্থিক অৱস্থাই তেওঁলোকৰ শিক্ষাৰ বাটত বাধাৰ সৃষ্টি কৰিছে।

কোনোবাজনৰ দেউতাকে যদি আনৰ গাড়ী চলাই জীৱিকা উলিয়ায়, কোনোবাজনৰ দেউতাকে বজাৰে-সমাৰে কেঁচা চানা বিক্ৰী কৰি পৰিয়াল চলায়। কোনোবাই কৰে জবকাৰ্ডৰ কাম। ফলত মেধাৱী ছাত্ৰকেইজনৰ শিক্ষাৰ অগ্ৰগতিৰ প্ৰতি নামি আহিছে শংকা।
পৰিয়ালকেইটাই কলিয়াবৰবাসীলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰকেইজনে যাতে উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰি আৰু আগুৱাই যাব পাৰে, তাৰ বাবে কিছু সাহায্যৰ আহ্বান জনাইছে।