NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰীৰ উপস্থিতিত বিশ্ব পৰিবেশ দিৱসত ১০ লাখ গছ পুলি ৰোপনৰ লক্ষ্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 30, 2019 9:30 pm
assam1-750x375

বিশ্ব পৰিবেশ দিৱস সমাগত। ভাৰতৰ লগতে সমগ্ৰ বিশ্বত বিশ্ব পৰিবেশ দিৱশ পৰিবেশ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি অতি গাম্ভীৰ্যতাপূৰ্ণভাবে পালন কৰা হয়। অসম চৰকাৰেও ৫ জুন বিশ্ব পৰিবেশ দিৱস এইবাৰ কেন্দ্ৰীয়ভাবে শিলচৰত পালন কৰাৰ বাবে বিশেষভাবে উদ্যোগ গ্ৰহণ কৰিছে।

আনহাতে, শিলচৰত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় বিশ্ব পৰিবেশ দিৱসত মুখ্য মন্ত্ৰীৰ উপস্থিতিত কাছাৰত প্ৰায় একেদিনাই ১০ লাখ গছৰ পুলি ৰোপন কৰাৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে। শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হ’বলগীয়া বিশ্ব পৰিবেশ দিৱসত মুখ্য মন্ত্ৰীৰ লগত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যও উপস্থিত থাকিব বুলি চৰকাৰী বিষয়াৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে।

আজি কাছাৰ জিলা উপায়ুক্ত শ্ৰীমতী লায়া মাদ্দুৰীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি কেন্দ্ৰীয় বিশ্ব পৰিবেশ দিৱস অনুষ্ঠানৰ বিষয়ে বৰ্ণনা কৰে।

আনহাতে, সংবাদ মেলত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বিভিন্ন প্ৰকল্প আৰু প্ৰদৰ্শনীও প্ৰদৰ্শন কৰা হ’ব বুলি উ্ল্লেখ কৰে।