NORTHEAST NOW (Assamese)
অসম

জখলাবন্ধাৰ পৰা আন্তঃৰাজ্যিক ১০ জনীয়া ইৰাণী গ্ৰুপৰ বৃহৎ ‘গেং’ আটক

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা June 1, 2019 11:19 am
Screenshot_20190601_103228

জখলাবন্ধাত থিতাপি লৈ থকা আন্তঃৰাজ্যিক ১০ জনীয়া ইৰাণী গ্ৰুপৰ এটা বৃহৎ ‘গেং’ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসৰ নেতৃত্বত গুৱাহাটী মহানগৰ আৰক্ষী আৰু জখলাবন্ধা আৰক্ষীয়ে চলোৱা যৌথ অভিযানত শুকুৰবাৰে নিশা জখলাবন্ধাৰ পৰা এই দহজনীয়া দলটোক আটক কৰে।

জখলাবন্ধাৰ বিভিন্ন স্থানত বিহাৰ আৰু পশ্চিম বংগৰ পৰা আহি থিতাপি লৈ নগাওঁ, শোণিতপুৰৰ বিভিন্ন অঞ্চলত দীৰ্ঘ দিন ধৰি ‘বান্দৰ কেকোৱা’ ব্যৱহাৰৰে ডকাইতি অব্যাহত ৰাখিছিল। দলটোৱে গুৱাহাটী ,তেজপুৰ ,নগাঁও ,ৰঙিয়া আদি বিভিন্ন ঠাইত বহুদিনৰ পৰা  সন্ত্ৰাস চলাই আছিল।

IMG-20190601-WA0001
ডকাইতৰ দলটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা সামগ্ৰীৰ কিছু অংশ। ফটো : নৰ্থইষ্ট নাও

শুকুৰবাৰে নিশা মহানগৰ আৰক্ষী, কলিয়াবৰ আৰক্ষী আৰু জখলাবন্ধা আৰক্ষীৰ এটা বৃহৎ দলে গোপন সূত্ৰৰ পৰা লাভ কৰা নিশ্চিত খবৰৰ ভিত্তিত চলোৱা অভিযানত ইৰাণী গ্রুপটোক আটক কৰাৰ লগতে দলটোৰ পৰা এখন পালছাৰ বাইকৰ লগতে বান্দৰ কেঁকোৱাকে ধৰি ডকাইতি কাণ্ডত ব্যৱহৃত বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে।

আটকাধীন দলটোৰ সদস্য সকল হ’ল ক্ৰমে বিহাৰৰ ফিৰোজ যাদৱ , বিনয় যাদৱ , শিৱা যাদৱ, দিপেশ সিং, অভ্যা যাদৱ ,আকাশ যাদৱ, দিপেশ দাস আৰু পশ্চিমবংগৰ আনিশ গোৱালা, ৰিটেশ গোৱালা আৰু আটিফ গোৱালা।

আনহাতে, দলটোৰ আন সদস্যসকলকো আটক কৰিবলৈ আৰক্ষীয়ে অভিযান  অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।