NORTHEAST NOW (Assamese)
অসম

বাংলাদেশলৈ চালান দিবলৈ নিয়া গৰুসহ সৰবৰাহকাৰীক আটক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 1, 2019 12:12 pm
index

দক্ষিণ শালমাৰাৰ মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ ঝালৰচৰত বৃহস্পতিবাৰে নিশা সীমান্ত সুৰক্ষা বাহিনীয়ে গৰুসহ এজন চোৰাং সৰবৰাহকাৰীক আটক কৰে।

নিশা প্ৰায় ১০ বজাত উক্ত অঞ্চলৰ পানাতীপৰা ঝালৰচৰ গাঁৱৰ আব্দুল হামিদৰ পুত্ৰ চাজু (২১) মিঞাই গৰু এহাল লৈ বাংলাদেশলৈ ৰাওনা হয় আৰু ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি ঢেঁকীৰ সহযোগত গৰু সৰবৰাহ কৰাৰ চেষ্টা কৰে।

নিশাৰ আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি গৰু সৰবৰাহ কৰাৰ চেষ্টা চলোৱাৰ সময়তে সীমান্ত সুৰক্ষা বাহিনীয়ে চাজু মিঞাক আটক কৰে। আটক হোৱাৰ আগতেই চাজুৱে গৰু হালৰ এটা সিপাৰলৈ চালান দিবলৈ সক্ষম হয় যদিও বাকী এটা গৰু সীমান্ত সুৰক্ষা বাহিনীৰ দলটোৱে জব্দ কৰাৰ লগতে চাজুক আটক কৰে।

আনহাতে, সীমান্ত সুৰক্ষা বাহিনীয়ে চাজুক মানকাচৰ থানাত চমজাই দিয়ে। মানকাচৰ আৰক্ষীয়ে চাজু মিঞাক গ্ৰেপ্তাৰ কৰি হাটশিঙিমাৰী আদালতত হাজিৰ কৰোৱাৰ পাছত জেল হাজোতলৈ প্ৰেৰণ কৰে।