NORTHEAST NOW (Assamese)
অসম

‘কিংছ কাপ’ৰ বাবে নিৰ্বাচিত ভাৰতীয় ফুটবল দলত অসমৰ বিনীত ৰায়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 2, 2019 4:39 pm
Vinit-Rai-Chamling

অসমৰ বাবে আৰু এক সুখবৰ কঢ়িয়াই এইবাৰ ভাৰতীয় ফুটবল দলত স্থান লাভ কৰিছে অসমৰ এজন খেলুৱৈয়ে। ভাৰতীয় দলত স্থান লাভ কৰা অসমৰ প্ৰতিভাৱান ফুটবলাৰ গৰাকী হ’ল বিনীত ৰায়।

অহা ৫ জুনৰ পৰা ৮ জুনলৈ থাইলেণ্ডত অনুষ্ঠিত হ’ব লগীয়া কিংছ কাপৰ বাবে শনিবাৰে ঘোষিত ভাৰতৰ ২৩ জনীয়া খেলুৱৈৰ তালিকাত বিনীত ৰায়ৰ স্থান নিশ্চিত হোৱাত আনন্দিত প্ৰকাশ কৰিছে অসম ফুটবল সংস্থাই।

ইতিমধ্যে আই এছ এলত উজলি উঠা অসম সন্তান গৰাকীৰ এই ক্ৰীড়াৰ যাত্ৰা আন্তৰ্জাতিক পৰ্যায়ত প্ৰতিষ্ঠিত হোৱাৰ কামনা কৰিছে ৰাজ্যখনৰ ক্ৰীড়াপ্ৰেমীসকলে।

নৱ নিযুক্ত মুখ্য প্ৰশিক্ষক ইগৰ ষ্টিমাকে বাচনি কৰা দলত বিনীতে মিড ফিল্ডাৰৰ দায়িত্ব পালন কৰিব। উল্লেখ্য যে যোৱা বছৰ চীনৰ বিৰুদ্ধে সেই দেশত অনুষ্ঠিত হোৱা এখন প্ৰীতি খেলতো বিনীতে ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰিছিল।

উল্লেখ্য যে প্ৰশিক্ষক ষ্টিমাকৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে খেলিব লগীয়া ভাৰতে কিংছ কাপৰ অভিযান কুৰাকাও (Curacao)ৰ বিৰুদ্ধে আৰম্ভ কৰিব।