NORTHEAST NOW (Assamese)
অসম

“ছানাউল্লাহ-কাণ্ড”ৰ নতুন মোৰ : গোচৰৰ তদন্তকাৰী বিষয়াৰ বিৰুদ্ধে গোচৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 2, 2019 8:18 pm
Sona-Ullah-750x375The Indian Army unit at Guwahati’s Narengi area, (Sub Area 51) stands by the Ex Service Man Md. Sona Ullah (ESM) and offers all help to his family

কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতীয় সেনাত কৰ্মৰত প্ৰাক্তন সেনা বিষয়া মহম্মদ ছানা উল্লাহক “ঘোষিত বিদেশী” হিচাপে গ্ৰেপ্তাৰ কৰি ডিটেনশ্যন কেম্পলৈ নিক্ষেপৰ ঘটনাটোত নতুন মোৰ দেখা গৈছে।

গোটেই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ঘটনাটো তদন্ত কৰা আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে আজি কামৰূপ গ্ৰাম্যৰ বকো থানাত দিয়া হৈছে তিনিখনকৈ এজাহাৰ। ইয়াৰ ভিত্তিত এটা গোচৰ ৰুজু হৈছে তদন্তকাৰী বিষয়াজনৰ বিৰুদ্ধে, জনালে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থসাৰথি মহন্তই।

Amzad Ali Ahmen FIR
আমজাদ আলী আহমেদৰ এজাহাৰখনৰ প্ৰতিলিপি।

ছানাউল্লাহৰ গোচৰটোৰ তদন্ত কৰা বিষয়াজন আছিল অসম আৰক্ষীৰ সীমান্ত শাখাৰ চন্দ্ৰমল দাস।

দেওবাৰে আমজাদ আলী আহমেদ, ছোবাহান আলী আৰু কোৰাণ আলীয়ে পৃথক পৃথকে বকো থানাত তদন্তকাৰী বিষয়াজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

তাৎপৰ্য্যপূৰ্ণভাৱে এজাহাৰ দাখিল কৰা এই তিনিওজনৰ নাম ছানাউল্লাহৰ বিৰুদ্ধে দাখিল কৰা তদন্তৰ প্ৰতিবেদনত সাক্ষী হিচাপে দেখুওৱা হৈছিল। কিন্তু তিনিওগৰাকীয়ে সাক্ষী হিচাপে থকাৰ কথা অস্বীকাৰ কৰাৰ লগতে তেওঁলোক এই ঘটনাৰ বিষয়ে অৱগত নহয় বুলিহে কয়, এই কথা নৰ্থ-ইষ্ট নাওক জনালে ছানাউল্লাহৰ অধিবক্তা ছহিদুল ইছলামে।

Sobahan Ali FIR
ছোবাহান আলীৰ এজাহাৰখনৰ প্ৰতিলিপি।

 

অধিবক্তাজনে জনোৱা মতে, এওঁলোক তিনিগৰাকীক সাক্ষ্য প্ৰদানৰ বাবে মতাই নাছিল। লগতে চন্দ্ৰমল দাসে তদন্তৰ প্ৰতিৱেদনত সাক্ষী তিনিজনৰ হৈ ভুৱা চহী কৰা বুলিও অভিযোগ কৰিছে তিনিওজনে।

নিজৰ এজাহাৰখনত আমজাদ আলী আহমদে লিখিছে, “BFT case no 1978/16 গোচৰটোত মোক মিছা সাক্ষী হিচাপে নাম দিয়ে, লগতে আৰু মোৰ মিছা জবানবন্দী এটাও এই গোচৰটোত সংলগ্ন কৰি দিয়ে।”

একেদৰে ছোবাহান আলীয়ে এজাহাৰত উল্লেখ কৰিছে, “BFT case no 1978/16  গোচৰটোত তদন্তকাৰী বিষয়া তথা পদকীয়াজনে এক পৰিকল্পিত ষড়যন্ত্ৰমূলকভাৱে মোক নজনোৱাকৈ তথা অনুমতি নোহোৱাকৈ মোক এই গোচৰৰ মিছা সাক্ষা হিচাপে নাম দিয়ে তথা মোৰ জবানবন্দীও সংলগ্ন কৰি দিয়ে। লগতে গোচৰটোত মোৰ জালচহী কৰে।”

কুৰান আলীয়েও তদন্তকাৰী বিষয়াজনৰ বিৰুদ্ধে অভিযোগ আনিছে মিছাকৈ সাক্ষী হিচাপে তেওঁৰ নাম দিয়া বুলি। তেওঁ সাক্ষী হিচাপে থকাৰ কথা “সংবাদ মাধ্যমৰ পৰাহে জানিব পাৰো” বুলি উল্লেখ কৰে। পদকীয়াজনৰ ওপৰত কঠোৰতম ব্যৱস্থা লোৱাৰ দাবী তুলিছে কুৰান আলীয়ে।

Kuran Ali FIR
কোৰান আলীৰ এজাহাৰখনৰ প্ৰতিলিপি।

শেহতীয়া খবৰ মতে, প্ৰাক্তন সেনা বিষয়াজনক বিদেশী সজাই ডিটেনশ্যন কেম্পত ৰখোৱাক কেন্দ্ৰ কৰি জ্যেষ্ঠ অধিবক্তা হাফিজ ৰচিদ চৌধুৰীৰ নেতৃত্বত তিনিজনীয়া অধিবক্তাই উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছে।

পাঁচ দিনৰ পিছত বিষয়টোত মুখ্য মন্ত্ৰীয়ে মুখ খুলিলে

প্ৰাক্তন সেনা বিষয়া, আৰক্ষী বিষয়া ছানাউল্লাহক “ঘোষিত বিদেশী” সজাই গোৱালপাৰা ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা বিষয়টোত পাঁচ দিনীয়া মৌন ব্ৰতৰ পিছত আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এটা বাক্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

সোণোৱালে কয়, “যিহেতু গোটেই বিষয়টো বিদেশী ন্যায়াধিকৰণৰ ফালৰ পৰা পৰিচালনা কৰা হৈছে, গতিকে পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে।”

উল্লেখ্য যে “ঘোষিত বিদেশী”ত পৰিণত হৈ বৰ্তমান গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত থকা ছানাউল্লাহ কামৰূপ জিলাৰ বকো অঞ্চলত ১৯৬৭ চনত জন্ম গ্ৰহণ কৰিছিল। নথি মতে, তেওঁ ভাৰতীয় সেনাত ১৯৮৭ চনত যোগদান কৰিছিল আৰু এজন অনাৰেৰি কেপ্টেইন হিচাপে ২০১৭ চনত অৱসৰ লৈছিল।

বিদেশী ন্যায়াধিকৰণৰ নিৰ্দেশৰ পিছত অসম আৰক্ষীয়ে তেওঁক যোৱা ২৮ মে’ত কামৰূপ জিলাৰ বকোৰ নিজৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।