NORTHEAST NOW (Assamese)
অসম

আজি অসম আহি পাবহি চহিদ নীৰজ ছেত্ৰীৰ মৃতদেহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 3, 2019 2:12 pm
Niraj

ঝাৰখণ্ডৰ ডুমকা জিলাৰ কাথালিয়া গাঁৱত দেওবাৰে পুৱা মাওবাদীৰ আক্ৰমণত চহিদ হোৱা অসমৰ গহপুৰৰ এছ এছ বি জোৱান নীৰজ ছেত্ৰী মৃতদেহ আজি বিয়লি ভাগত গহপুৰলৈ অনা হ’ব।

ইতিমধ্যে চহিদ জোৱানজনক অন্তিম শ্ৰদ্ধা জনাবলৈ গহপুৰৰ তেওঁৰ বাসভৱনত বহু লোকে ভিৰ কৰিছেহি। নীৰজে ২০১৪ চনত সশস্ত্ৰ সীমা বল (এছএছবি)ত যোগদান কৰিছিল।

গহপুৰৰ কাউৰীপথাৰ কৰিবিল নেপালী গাঁৱৰ বাসিন্দা নীৰজে অহা ডিচেম্বৰত বিবাশপাশত আৱদ্ধ হোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে এক নিকট সূত্ৰই।

উল্লেখযোগ্য যে ঝাৰখণ্ডৰ ডুমকা জিলাৰ কাথালিয়া গাঁৱত দেওবাৰে সন্দেহযুক্ত মাওবাদীৰ আক্ৰমণত এছএছবি জোৱান নীৰজ ছেত্ৰী নিহত হোৱাৰ উপৰি আন চাৰিগৰাকী জোৱান আহত হৈছিল। এই আক্ৰমণৰ ঘটনাত গুৰুতৰভাৱে আহত হোৱা ৰাজেশ ৰাই নামৰ আন এজন জোৱানক চিকিৎসাৰ বাবে বিমানেৰে ৰাঁচীলৈ প্ৰেৰণ কৰা হয়।

মাওবাদীয়ে সশস্ত্ৰ সীমা বল (এছএছবি) আৰু ৰাজ্যিক আৰক্ষীৰ এটা যৌথ অভিযানকাৰী দলৰ ওপৰত আক্ৰমণ চলোৱা এই ঘটনাত কেইজনমান মাওবাদীও নিহত হোৱাৰ অনুমান কৰা হৈছে।