NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিশ্ব পৰিবেশ দিৱস

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ June 3, 2019 8:52 pm
World Environment Day celebration pic

শিৱসাগৰ জিলা বন বিভাগৰ উদ্যোগত তথা জিলা প্ৰশাসন আৰু প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ সহযোগত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত উদযাপন কৰা হৈছে বিশ্ব পৰিবেশ দিৱস।

উক্ত দিৱসৰ লগত সংগতি ৰাখি আজি প্ৰথম কাৰ্যসূচী হিচাপে জিলা বন বিভাগে এখনি চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰে। শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত অনুষ্ঠিত এই চিত্ৰাংকণ প্ৰতিযোগিতাত জিলাখনৰ বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।

চিত্ৰাংকন প্ৰতিযোগিতাৰ মূল বিষয় বস্তু আছিল বায়ু প্ৰদূষণ। ১৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰি বায়ু প্ৰদূষণ সম্পৰ্কীয় চিত্ৰ অংকনেৰে প্ৰতিযোগিতাখনি সফল কৰি তোলে।

আনহাতে অহা ৫ জুনত জিলা বন বিভাগে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত কৰিব লগীয়া বিশ্ব পৰিবেশ দিৱসৰ মূল অনুষ্ঠানত আজি অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটা সমূহ প্ৰদান কৰিব বুলি আয়োজকে জানিবলৈ দিয়ে।

আজিৰ এই অনুষ্ঠানত প্ৰশাসনৰ হৈ তথ্য আৰু জনসংযোগ বিষয়া চৈয়দা হাচনাহান, বন বিভাগৰ বনাঞ্চলিক বিষয়া বাবুল বৰুৱা, উপ বনাঞ্চলিক বিষয়া পদ্মেশ্বৰ গগৈ, বনকৰ্মী চৈয়দ মাহমুদুল হাচান, খণ্ড বন বিষয়া নিৰঞ্জন শৰ্মা, দিগন্ত চেতিয়া, আৰু বন পালক মুবিদ আলি উপস্থিত থাকে।

প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে থাকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিত্ৰ শিল্পী আজানুৰ ৰহমান, দুলাল শীল, ধীৰেন মিলি আৰু ৰবীন পাংগিং।