NORTHEAST NOW (Assamese)
অসম

আজি চহিদ নীৰজ চেত্ৰীৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 6, 2019 11:15 am
Niraj

আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা ১ জুন’ত ঝাৰখণ্ডত উগ্ৰপন্থীৰ ভয়াবহ আক্ৰমণত চহিদ হোৱা এছ এছ বি জোৱান নীৰজ চেত্ৰীৰ বাসগৃহলৈ গৈ পৰিয়ালৰ লোকক সাক্ষাৎ কৰিব।

বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত কাউৰীপথাৰ অঞ্চলৰ কাৰিবিল নেপালী গাঁওস্থিত চহিদ জোৱানজনৰ বাসগৃহত দিনৰ প্ৰায় ১২ বজাত মুখ্য মন্ত্ৰীগৰাকী উপস্থিত হ’ব বুলি জানিব পৰা গৈছে।

আজি কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰে চহিদ চেত্ৰীৰ পৰিয়াললৈ ২০ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল। আৰু আজি মুখ্য মন্ত্ৰী সোণোৱালে সেই অনুদান খিনি প্ৰদান কৰিবলৈয়ে চহিদ জোৱানজনৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰিব।

উল্লেখযোগ্য যে ঝাৰখণ্ডৰ ডুমকা জিলাৰ কাথালিয়া গাঁৱত যোৱা ১ জুন অৰ্থাৎ দেওবাৰে সন্দেহযুক্ত মাওবাদীৰ আক্ৰমণত অসমৰ এইগৰাকী কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ জোৱান নিহত হোৱাৰ উপৰি আন চাৰিগৰাকীকৈ জোৱান আহত হৈছিল।