NORTHEAST NOW (Assamese)
অসম

শ্বহীদ নীৰজ চেত্ৰীৰ বাসগৃহত সৰ্বানন্দ সোনোৱাল; পৰিয়ালক ২০ লাখ টকাৰ আৰ্থিক অনুদান প্ৰদান

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম June 6, 2019 3:43 pm
IMG-20190606-WA0021

দেশমাতৃৰ সুৰক্ষাৰ হকে ঝাৰখণ্ডত মাওবাদীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি শ্বহীদ হোৱা অসম মাতৃৰ বীৰ সন্তান এছ এছ বিৰ জোৱান নীৰজ চেত্ৰীক শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰাৰ বাবে শ্বহীদ গৰাকীৰ বিশ্বানাথ জিলাৰ কাউৰী পাথাৰস্থিত বাসগৃহত উপস্থিত হয় অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

আজি দুপৰীয়া শ্বহীদ গৰাকীৰ ঘৰত উপস্থিত হৈ সোণোৱালে ছেত্ৰীৰ প্ৰতিচ্ছৱিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোকক সাক্ষাৎ কৰি সমবেদনা জনায়।

শ্বহীদ নীৰজ ছেত্ৰীৰ ত্যাগৰ প্ৰতি সন্মান জনাই অসমৰ চৰকাৰে কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি আজি শ্বহীদৰ পৰিয়ালৰ হাতত চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা ২০ লাখ টকাৰ আৰ্থিক অনুদান চেক যোগে প্ৰদান কৰে।

মুখ্যমন্ত্ৰী সোণোৱালৰ লগত উপস্থিত থাকে গহপুৰৰ বিধায়ক উৎপল বৰা, বিহালীৰ বিধায়ক ৰঞ্জিত দত্তৰ লগতে তেজপুৰ লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ পল্লৱ লোচন দাসৰ লগতে কেইবাগৰাকীও নেতা-কৰ্মী।

আনহাতে, সোণোৱালে অসম চৰকাৰ তথা কেন্দ্ৰ চৰকাৰ সদায় দেশমাতৃৰ হকে আত্মবলিদান দিয়া শ্বহীদ সকলৰ পৰিয়ালৰ প্ৰতি দায়বদ্ধ বুলি মন্তব্য কৰে।