NORTHEAST NOW (Assamese)
অসম

বিদেশী ন্যায়াধিকৰণৰ ৰায়ক প্ৰত্যাহ্বান : আজি উচ্চ ন্যায়ালয়ত প্ৰাক্তন সেনা বিষয়া সোণাউল্লাহৰ জামিন আৱেদনৰ শুনানি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 7, 2019 7:31 am
Untitled-1-copy-1140x570

প্ৰাক্তন সেনা বিষয়া সোণাউল্লাহক বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি দিয়া ৰায়ক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আৱেদনৰ শুনানি শুকুৰবাৰে গ্ৰহণ কৰা হ’ব। তদুপৰি, সেনা বিষয়াগৰাকীৰ জামিন আৱেদনৰো শুনানি আদালতে গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে যোৱা ৩ মে’ত প্ৰাক্তন সেনা বিষয়া সোণাউল্লাহৰ পৰিয়ালে গোচৰটোৰ শুনানিৰ বাবে আৱেদন জনাইছিল। কিন্তু গোচৰটো শুনানিৰ বাবে তালিকাভুক্ত নোহোৱাৰ বাবে সেইদিনা আদালতে শুনানি গ্ৰহণ কৰা নাছিল।

আনহাতে, সোণাউল্লাহৰ হৈ আদালতত যুক্তিই প্ৰদৰ্শন কৰিব উচ্চতম ন্যায়ালয় জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙে। কোনো পাৰিশ্ৰমিক নোলোৱাকৈ প্ৰাক্তন সেনা বিষয়াগৰাকীৰ হৈ জয়সিঙে যুক্তি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি আহিছে।

ইপিনে, উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাগৰাকীক সহযোগ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে।

প্ৰাক্তন সেনা বিষয়া সোণাউল্লাহক বিদেশী ঘোষণা কৰা বিষয়টোৱে বৰ্তমান সমগ্ৰ দেশতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বকোৰ বিদেশী ন্যায়াধিকৰণে সোণাউল্লাহক বিদেশী ঘোষিত কৰাৰ পাছত তেওঁ বৰ্তমান গোৱালপাৰাৰ ডেটিনশ্যন কেম্পত বন্দীত্বৰ জীৱন কটাইছে।