NORTHEAST NOW (Assamese)
অসম

সোনা উল্লাহক “বিদেশী”ত পৰিণত কৰা তদন্তকাৰী বিষয়ালৈ জাননী উচ্চ ন্যায়ালয়ৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 7, 2019 3:44 pm
Sona-Ullah-750x375The Indian Army unit at Guwahati’s Narengi area, (Sub Area 51) stands by the Ex Service Man Md. Sona Ullah (ESM) and offers all help to his family

এটা গুৰুত্বপূৰ্ণ অগ্ৰগতিত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে “ঘোষিত বিদেশী” সোনা উল্লাহৰ গোচৰটো তদন্ত কৰা আৰক্ষী বিষয়া চন্দ্ৰমললৈ জাননী প্ৰেৰণ কৰিছে।

আৰক্ষী বিষয়া চন্দ্ৰমলৰ লগতে গোচৰটোৰ  জড়িত অসম চৰকাৰ, প্ৰতিৰক্ষা মন্ত্ৰ্যালয়, কেন্দ্ৰীয় চৰকাৰ,  এন আৰ চি কৰ্তৃপক্ষলৈও জাননী জাৰি কৰিছে। এই কথা নৰ্থ-ইষ্ট নাওক জনাইছে সোনা উল্লাহৰ অধিবক্তা বুৰানোৰ ৰহমানে।

অধিবক্তাজনে আৰু লগতে জনায়, সোনা উল্লাহৰ জামিনৰ আবেদনৰ শুনানি সম্পূৰ্ণ হৈছে যদিও আনুষ্ঠানিকভাৱে জামিন দিয়া বা নিদিয়াৰ কথা এতিয়াও ঘোষণা কৰা নাই ন্যায়ালয়ে।

“এতিয়ালৈকে জামিন মঞ্জুৰ কৰিছে নে নাই আমিও গম নাপাওঁ। আজি সন্ধিয়া ৭ মান বজাত অনলাইন যোগে ৰায় দিয়াৰ সম্ভাৱনা আছে”, আদালতৰ অন্য আনুষ্ঠানিকতাৰ মাজেৰে সোমবাৰেহে ঘোষণা কৰিব বুলি জানিবলৈ দি অধিবক্তাজনে কয়।

আনহাতে পুনৰ শুনানিৰ দিনো বৰ্তমানলৈকে আদালতে ঘোষণা কৰা নাই বুলি নৰ্থ-ইষ্ট নাওক জানিবলৈ দিলে অধিবক্তা বুৰানোৰ ৰহমানে।