NORTHEAST NOW (Assamese)
অসম

“শাস্তি লাঘৱ”ৰে শিল্পী জুবিন গাৰ্গক দোষী সাব্যস্ত আদালতৰ; ২০ হাজাৰ টকাৰ জৰিমনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 7, 2019 10:32 pm
zubeen-garg-hd-photo

জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাৰ পুত্ৰক প্ৰহাৰ কৰাৰ গোচৰটোত আজি কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে।

অৱশ্যে এই শাস্তিৰ জৰিয়তে প্ৰকৃততে জুবিনক ৰেহাইহে দিয়ে আদালতে।

২০১৩ চনৰে ঘটনাটোৰ বিচাৰত পূৰ্বে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৫ হাজাৰ টকাৰ জৰিমনা আৰু ৩ মাহৰ কাৰাদণ্ডৰ ৰায় দিছিল।

এতিয়া কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰায়টোৰ জৰিয়তে সেই শাস্তি লাঘৱ হ’ল। জৰিমনা ২০ হাজাৰ টকালৈ বৃদ্ধিৰে কাৰাদণ্ডৰ পৰা ৰেহাই পালে জনপ্ৰিয় শিল্পীগৰাকীয়ে।

অৱশ্যে আদালতে ইয়াৰ লগতে জুবিনৰ পৰা সদাচাৰৰ প্ৰতিশ্ৰুতি বিচাৰে। তাৰ বাবে গোচৰটোৰ ৰায়ত আদালতে বান্ধি দিছে কিছুমান নীতি-নিৰ্দেশনা।

সেই অনুসৰি শিল্পীজনে দুবছৰলৈ কোনো ধৰণৰ আইন উলংঘাৰ কাম কৰিব নোৱাৰিব বা নকৰাৰ প্ৰতিশ্ৰুতি দিব লাগিব ন্যায়ালয়ক।

উল্লেখযোগ্য যে ২০১৩ চনৰ উক্ত ঘটনাটোত শিল্পীজনে ৰাতি জু-ৰ’ডত অধিবক্তাজনৰ কিশোৰ পুত্ৰক চৰিয়াইছিল। পিছত এই লৈ বিতৰ্কৰ সৃষ্টি হোৱাত শাসনৰ বাবেহে সেই কাম কৰা বুলি যুক্তি দিছিল জুবিনে। দেউতাক অৰূপ বৰবৰাই গোচৰ তৰিছিল শিল্পীজনৰ বিৰুদ্ধে।