NORTHEAST NOW (Assamese)
অসম

মৃত্যুৰ পাছত কেনেকৈ বিদেশী হ’ল স্বদেশী?, ডিটেনশ্যন কেম্পত ৰখা বৃদ্ধৰ জিএমচিএইচত মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 9, 2019 8:33 am
Deadbody-570x320

আকৌ এক মৰ্মান্তিক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁও জিলাত। ভাৰতীয় নাগৰিক হৈয়ো বিদেশীৰ কলংক লৈ মৃত্যুক সাৱটি ল’ব লগা হ’ল ধিঙৰ এগৰাকী ৭৭ বছৰীয়া বৃদ্ধই। পত্নীক অকলশৰীয়াকৈ এৰি থৈ জিএমচিএইচত বৃদ্ধগৰাকীয়ে মৃত্যুক সাৱটি লোৱা এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

যোৱা বছৰৰ ৯ এপ্ৰিলত নগাঁও জিলাৰ ধিঙৰ বটাবড়ীৰ দম্পতী সূৰুষ আলী (৭৭) আৰু পত্নী গোলাপ জানক(৬৪) বিদেশী গোচৰত সীমান্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তেজপুৰৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছিল।

ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰা এই দুৰ্ভগীয়া পতি-পত্নী হালক স্বদেশী হোৱাৰ পৰ্যাপ্ত নথি পত্ৰ থকাৰ পাছতো ডিটেনশ্যন কেম্পত বন্দী হ’ব লগা বুলি অভিযোগ উত্থাপিত হৈছিল।

সূৰুয আলী আৰু গোলাপ জানৰ পৰিয়ালৰ সকলো সদস্যৰ উপযুক্ত নথি পত্ৰ মজুত থকাৰ লগতে প্ৰকৃত ভাৰতীয় নাগৰিক হোৱাৰ পাছতো এই পতি-পত্নী বিদেশী হিচাপে কিয় ডিটেনশ্যন কেম্পত থাকিব লগা হ’ল তাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল।

বৈধ নথি-পত্ৰ থকাৰ পাছতো তেজপুৰৰ ডিটেনশ্যন কেম্পত বন্দীত্বৰ জীৱন কটাবলগীয়া এই পতি-পত্নী হালৰ আছে তিনিজনী কন্যা আৰু দুজন ল’ৰা সন্তান।

জানিব পৰা মতে, ১৯৮৯ চনত সূৰুয আলী আৰু গোলাপ জানৰ বিৰুদ্ধে ১৬৩/১৮ আৰু ১৫৯/১৮ ধাৰাত গোচৰ ৰুজু হৈছিল। কিন্তু তেওঁলোকে কোনো জাননী লাভ নকৰাৰ বাবে এই সন্দৰ্ভত জানিব পৰা নাছিল। পৰৱৰ্তী সময়ত বিদেশী ন্যায়াধিকৰণ আদালতে তেওঁলোকক বিদেশী বুলি ঘোষণা কৰাৰ পাছতহে এই কথা জানিব পাৰে।

দৰিদ্ৰ অৱস্থাৰ সূৰুয আলীয়ে আইনী প্ৰক্ৰিয়াৰে যুঁজ দি নিজকে বিদেশীৰ কলংকৰ পৰা মুক্ত কৰিব নোৱাৰিলে। ফলস্বৰূপে, ২০১৭ চনৰ ৯ এপ্ৰিলত সীমান্ত আৰক্ষীয়ে পতি-পত্নী হালক গ্ৰেপ্তাৰ কৰি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰে।

আনহাতে, তেওঁলোকৰ পুত্ৰ-কন্যাই পৰৱৰ্তী সময়ত তেওঁলোকৰ পিতৃ-মাতৃক  ভাৰতীয় হিচাপে প্ৰমাণ কৰি  ডিটেনশ্যন কেম্পৰ পৰা মুক্ত কৰাৰ বাবে উচ্চ ন্য্যায়ালয়ত গোচৰ তৰে। কিন্তু কেইদিনমান পূৰ্বে হঠাতে অসুস্থ হৈ পৰা সুৰুয আলীক সীমান্ত আৰক্ষীয়ে জিএমচিএইচত ভৰ্তি কৰায়।

ইপিনে, বৃহস্পতিবাৰে পুৱাই মৃত্যু হোৱা সুৰুয আলীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পাছত শনিবাৰেহে পৰিয়ালক গতাই দিয়ে। তেওঁৰ পত্নী গোলাপ জান এতিয়াও ডিটেনশ্যন কেম্পতে আছে। শনিবাৰে ঘৰলৈ মৃতদেহ লৈ অনাৰ পাছত বহুলোক উপস্থিত হয় আৰু এই ঘটনাত মৰ্মাহত হৈ পৰে।

বিভিন্ন দল-সংগঠনে এনে ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সূৰুয আলী যদি বিদেশীয়েই আছিল তেতিয়াহ’লে তেওঁ মৃত্যুৰ পাছত কেনেকৈ স্বদেশী হ’ল আৰু তেওঁৰ মৃতদেহ বাংলাদেশলৈ নপঠিয়াই কিয় পৰিয়ালক গতাই দিলে বুলিও প্ৰশ্ন উত্থাপন কৰে।