NORTHEAST NOW (Assamese)
অসম

চামগুৰিত পথৰ দুৰৱস্থাত অতিষ্ঠ ৰাইজে আবদ্ধ কৰিলে শিলভৰ্তি তিনিখন ডাম্পাৰ

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা June 11, 2019 3:17 pm
People angry with the bad road condition at Samaguri

চামগুৰিত একাংশ ডাম্পাৰ চালকৰ দৌৰাত্মৰ বাবে অতিষ্ঠ হৈ পৰিছে অঞ্চলটোৰ জনসাধাৰণ। একাংশ ডাম্পাৰে বন বিভাগে নিৰ্ধাৰণ কৰি দিয়া ওজনতকৈ অতিমাত্ৰা হাৰত শিল কঢ়িয়াই চামগুৰিৰ উদমাৰী, ন’নৈ চাহ বাগিছা, কঠালগুৰি আদি অঞ্চলত নিতৌ ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

মঙলবাৰে ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ হৈ একাংশ ৰাইজে চামগুৰিৰ ন’নৈত তিনিখনকৈ অতিমাত্ৰা শিল কঢ়িওৱা দহচকীয়া ডাম্পাৰ আবদ্ধ কৰি থয়।

চামগুৰিত দীৰ্ঘদিন ধৰি অতিমাত্ৰা শিল কঢ়িওৱা ডাম্পাৰে ন’নৈ চাহ বাগিছাৰ উদমাৰীহৈ কঠালগুৰি পৰ্য্যন্ত মূল পথছোৱা বিধ্বস্ত কৰি তোলাৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে ‘জনৈক গান্ধী’ নামৰ এটা শিলৰ কুৱেৰীৰ তিনিখনকৈ শিলভৰ্তি ডাম্পাৰ জব্দ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে, স্থানীয় ৰাইজে ‘জনৈক গান্ধী’ কুৱেৰী কৰ্তৃপক্ষক পথৰ দুৰৱস্থা সন্দৰ্ভত বাৰম্বাৰ অপত্তি দৰ্শাই অহাৰ পাছতো ৰাইজৰ কথাত কুৱেৰী কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব নিদিয়াত ক্ষোভ প্ৰকাশ কৰি এনেধৰণৰ প্ৰতিবাদী কাৰ্য্যসূচী হাতত লয়  বুলি কয় স্থানীয় প্ৰতিবাদী ৰাইজে।

তদুপৰি, স্থানীয় ৰাইজে ডাম্পাৰ সমূহে ১৫ চি. এম পৰিমাণৰ শিলৰ চালানলৈ ২২ ৰ পৰা ২৫ চি. এম পৰিমাণৰ শিল বন বিভাগৰ চকুৰ সন্মুখেৰে কঢ়িওৱাৰ ফলতেই পথটোৰ এনে দুৰৱস্থা হৈছে বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, কুৱেৰী কৰ্তৃপক্ষই পথৰ দুৰাৱস্থাৰ সন্দৰ্ভত কোনোধৰণৰ ব্যৱস্থা গ্ৰহন নকৰা পৰ্য্যন্ত ডাম্পাৰসমূহৰ অবাধ যাতায়ত ননৈৰ পৰা উদমাৰীহৈ কঠালগুৰিলৈ নিষিদ্ধ কৰিছে ক্ষুব্ধ ৰাইজে।

শিলভৰ্তি ডাম্পাৰ চালকৰ দৌৰাত্ম চামগুৰি অঞ্চলত নতুন কথা নহয়। কেইবাটাও ডাঙৰ বনিক গোষ্ঠীৰ দৌৰাত্মৰ বাবে চামগুৰি অঞ্চলৰ বিভিন্ন পান্তৰ  কেইবাটাও গড়কাপ্তানী পথৰ অৱস্থা সংকতজনক হৈ পৰিছে। ইমানৰ পাছতো বন বিভাগ আৰু জিলা প্ৰশাসনে কুৱেৰীৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে নিমাত হৈ থকা কথাটোৱে স্থানীয় ৰাইজক আচৰিত কৰি তুলিছে।