NORTHEAST NOW (Assamese)
Popular Stories

অসম আৰক্ষীৰ কমাণ্ডো গিৰীশ দত্তক হত্যা কৰা আন দুজন অভিযুক্তক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ June 13, 2019 6:11 pm
girish-dutta-1-1068x688-1140x570

তিনিচুকীয়া জিলাৰ মাকুমত যোৱা ২ জুনৰ দিনা এটা দুৰ্বৃত্তৰ দলে নৃংশসভাৱে ঘপিয়াই হত্যা কৰা আৰক্ষী কমাণ্ডো গিৰীশ দত্তৰ হত্যাকাণ্ডৰ সৈতে জড়িত আন দুজন অভিযুক্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন লোকদুজনক আৰক্ষীয়ে পদ্ম চাউৰক (২৭) আৰু ৰুক্ম চাউৰক (২৫) বুলি চিনাক্ত কৰিছে। দুয়োজনকে আৰক্ষীয়ে তিনিচুকীয়াৰ বাৰেকুৰি অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে। দুই অভিযুক্তই বাৰেকুৰি গাঁৱৰ পেটুৱা চাউৰক নামৰ এজন লোকৰ পুত্ৰ বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে।

পূৰ্বতেও আৰক্ষীয়ে গিৰীশ দত্তৰ হত্যাকাণ্ডৰ লগত জড়িত তিনিজনক অভিযুক্ত আটক কৰিছিল। তেওঁলোক হ’ল ক্ৰমে মিণ্টু চুতীয়া, বিতোপন চুতীয়া আৰু বিজিত চুতীয়া।

উল্লেখযোগ্য যে যোৱা ২ জুনত মাকুমত অসম আৰক্ষীৰ কমাণ্ডো গিৰীশ দত্তক দুৰ্বৃত্তই খেদি খেদি ঘপিয়াই অতি নৃশংসভাৱে হত্যা কৰিছিল।

কমাণ্ডো গিৰীশ দত্তই নিশা টিংৰাইত অনুষ্ঠিত এক সাংস্কৃতিক অনুষ্ঠানৰ পৰা আহি থকাৰ সময়ত বাটত একাংশৰ লোকৰ সৈতে কোনো কথাক লৈ তৰ্কাতৰ্কি হৈছিল।

ইয়াৰ পাছতে গিৰীশ দত্তই ঘটনাস্থলী ত্যাগ কৰি নিজৰ ঘৰলৈ আহে। কিন্তু দুৰ্বৃত্তৰ দলটোৱে গিৰীশৰ পিছে পিছে গৈ গিৰীশৰ ঘৰত উপস্থিত হয়গৈ আৰু গিৰীশক ঘৰৰ পৰা ৰাস্তালৈ মাতি আনি অতি নৃশংসভাৱে খেদি খেদি ঘপিয়াই হত্যা কৰিছিল।

আনকি ঘটনা সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা গিৰীশ দত্তৰ পিতৃয়ে দুৰ্বৃত্তৰ দলটোক নামাৰিবৰ বাবে অনুৰোধ কৰাৰ পাছতো দুৰ্বৃত্তৰ দলটোৱে কমাণ্ডোজনক ৰেহাই নিদিলে।