NORTHEAST NOW (Assamese)
অসম

সংগীক বহিষ্কাৰ কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে এজাহাৰ দাখিল হয়গ্ৰীৱ মাধৱ মন্দিৰৰ

Posted by: অনিৰ্বাণ পাঠক/ মৃদুল প্ৰীতম ডেকা Updated by: অনিৰ্বাণ পাঠক/ মৃদুল প্ৰীতম ডেকা June 13, 2019 7:57 pm
Hajo Haigriva Madhav mandir files FIR against Srimanta Sankarev Sangha

গহপুৰৰ গাহৰি পালন বিতৰ্কৰ পাছতে এইবাৰ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰে থানাত গোচৰ তৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে।

সংঘৰ সংগী হাজো ৰামদিয়াৰ ৰত্নেশ্বৰ পাঠক নামৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালক মন্দিৰটোৰ “ভোগ খোৱা”ৰ অপৰাধত সংঘই বহিষ্কাৰ কৰা আৰু মানসিক আতিশৰ্য্য চলোৱাৰ অভিযোগত গুৰুবাৰে এই এজাহাৰ দাখিল কৰা হৈছে।

ৰত্নেশ্বৰ পাঠকে তেওঁৰ পুত্ৰ বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা গৱেষক ছাত্ৰ মুকুট পাঠকৰ এক গৱেষণাৰ কামত হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ গৈছিল আৰু তাত ভোগ গ্ৰহণ কৰিছিল। যাৰ বাবে সংঘৰ কৰুণাকান্ত কলিতা আঞ্চলিক শাখাই লোৱা প্ৰস্তাৱ অনুসৰি তেওঁলোকৰ পৰিয়ালটোক সামাজিক কাম-কাজৰ পৰা বিৰত ৰাখে।

যোৱা ২০১৮ বৰ্ষৰ অক্টোবৰ মাহতেই আঞ্চলিক শাখাটোৱে পৰিয়ালটোক মন্দিৰৰ ভোগ গ্ৰহণ কৰাৰ বাবেই শৰণভ্ৰষ্ট হোৱাৰ অভিযোগ আনি এই প্ৰস্তাৱ গ্ৰহণ কৰিছিল। সংঘৰ এই সিদ্ধান্তৰ জৰিয়তে মানসিক নিৰ্য্যাতন আৰু তেওঁলোকক অপদষ্ট কৰা বুলি পৰিয়ালটোৱে মন্তব্য কৰিছে। মানসিকভাৱে ভাগি পৰা পৰিয়ালটোৱে অৱশেষত হয়গ্ৰীৱ মাধৱ দেৱালয় পৰিচালনা সমিতিৰ সহায় বিচাৰে।

ইয়াৰ পাছতেই হয়গ্ৰীৱ মাধৱ দেৱালয় পৰিচালনা সমিতিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰামদিয়াৰ কৰুণাকান্ত কলিতা আঞ্চলিক শাখাৰ বিৰুদ্ধে হাজো থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰ খনৰ ভিত্তিত হাজো আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ২৯৫ বি/১৫৩ এ’ ধাৰাত গোচৰ ৰুজু কৰে।

উল্লেখ্য যে, সহকাৰী অধ্যাপক মুকুট পাঠকে শ্ৰীমন্ত শংকৰদেৱ বিষয়ক গ্ৰন্থ প্ৰকাশৰ উপৰিও বিভিন্ন ভিডিঅ’ প্ৰস্তুত কৰিছে।

ইপিনে, এই ঘটনা সন্দৰ্ভত সম্পূৰ্ণৰূপে অজ্ঞতা প্ৰকাশ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে।

‘মই এই বিষয়ে কোনো কথাই গম পোৱা নাই। কালি পৰ্য্যন্ত মই হাজোতেই আছিলো কিন্তু কোনেও মোক এই বিষয়ে জনোৱা নাই। গতিকে এই ঘটনাৰ তদন্ত কৰিব লাগিব। গৱেষণাৰ কামত মন্দিৰলৈ যোৱাটো অপৰাধ হ’ব নোৱাৰে’, পদাধিকাৰ গৰাকীয়ে নৰ্থ-ইষ্ট নাওক কয়।

উল্লেখ্য যে, কিছুদিন পূৰ্বে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গহপুৰৰ অফৰাখাট প্ৰাথমিক শাখাৰ এগৰাকী সংগীক গাহৰি পোহাৰ বাবে সামাজিকভাৱে বিৰত ৰখা হৈছিল। এই ঘটনাই সমগ্ৰ ৰাজ্যতে তোলপাৰ লগাইছিল।

অফৰাখাটৰ এই ঘটনাৰ পাছত সেয়া সংঘৰ মূলৰ সিদ্ধান্ত নহয় আৰু সংবিধানত তেনে কোনো কথা উল্লেখ নাই বুলি মন্তব্য কৰিছিল। একেদৰে পদাধিকাৰ গৰাকীয়ে জনোৱা মতে যদি সঁচাকৈয়ে গৱেষক মুকুট পাঠকৰ পৰিয়ালৰ ক্ষেত্ৰত সংঘৰ আঞ্চলিক শাখাটোৱে লোৱা ব্যৱস্থা সম্পৰ্কে মূলৰ বিষয়ববীয়াসকল অৱগত নহয় তেনেহ’লে সংঘৰ একাংশ ভকতে মইমতালিৰে স্থানীয় পৰ্য্যায়ত এইদৰে ফটুৱা জাৰি কৰি আহিছে নেকি?