NORTHEAST NOW (Assamese)
অসম

আজি বৰপেটাত ভোজন অধিকাৰ মেলা : পদপথৰ খাদ্য বিক্ৰেতাক দিয়া হৈছে বিশেষ প্ৰশিক্ষণ

Posted by: পুলেন্দ্র দাস Updated by: পুলেন্দ্র দাস June 14, 2019 8:11 am
62383824_2322848324670943_123769343879151616_n

দেশৰ প্ৰতি গৰাকী নাগৰিকৰ বাবে সঠিক, সুৰক্ষিত আৰু পুষ্টিকৰ ভোজন প্ৰদানৰ লক্ষ্যৰে বৰপেটাত আজি দেশৰ ভিতৰত প্ৰথম জিলা ভিত্তিক ভোজন অধিকাৰ মেলা অনুষ্ঠিত হ’ব ৷

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ভাৰতীয় খাদ্য সুৰক্ষা মানদণ্ড কৰ্তৃপক্ষৰ উদ্যোগত আৰম্ভ হোৱা জন আন্দোলনৰ অংশ স্বৰূপে আজি বৰপেটা জিলা পুথিভড়াল প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে এই মেলা অনুষ্ঠিত হ’ব ৷

এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে পদপথৰ খাদ্য বিক্ৰেতাসকলক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় প্ৰাংগনত দিনৰ ৯.৩০ বজাৰ পৰা এই প্ৰশিক্ষণ প্ৰদান কৰা হয়।

প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকে জিলা উন্নয়ন আয়ুক্ত বাবুল চহৰীয়া, যুটীয়া স্বাস্থ্য সঞ্চালক ডা তীৰ্থনাথ শৰ্মা, নতুন দিল্লীৰ স্বেচ্ছাসেৱী সংগঠন খাদ্য আৰু পৰিপুষ্টি সুৰক্ষা সংস্থাৰ কাৰ্যবাহী সঞ্চালক ডাঃ সুজিত ৰঞ্জন আৰু প্ৰশিক্ষক শংকচব্ৰ কুণ্ডু ৷

উল্লেখ্য যে, আজি অনুষ্ঠিত হ’ব লগা ভোজন অধিকাৰ মেলাৰ লগত সংগতি ৰাখি সজাগতামূলক বাটৰ নাট, চাইকেল ৰেলী, আলোচনা চক্ৰ, স্বাস্থ্য পৰীক্ষা শিবিৰ, সুৰক্ষিত ৰন্ধন প্ৰণালীৰ প্ৰদৰ্শন, বিশেষজ্ঞৰ দ্বাৰা পৰামৰ্শ প্ৰদান, কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা, সংগীতানুষ্ঠান, খাদ্য প্ৰদৰ্শনীৰ লগতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৷