NORTHEAST NOW (Assamese)
অসম

অসম ৰাজ্যিক ৰক্ত সংৰচণ পৰিষদ আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত বিশ্ব ৰক্তদাতা দিৱস পালন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 15, 2019 8:09 am
Cief Secretary & Comm & Secy donating blood at VBD camp at Assam Secretariat

সমগ্ৰ বিশ্বৰ লগতে অসমতো অসম ৰাজ্যিক ৰক্ত সংৰচণ পৰিষদ আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত ১৪ জুন ২০১৯ ত বিশ্ব ৰক্তদান দিৱসৰ দিনটো বিভিন্ন কাৰ্য্যসূচীৰে পালন কৰা হয়।

উক্ত দিৱসৰ লগত সংগতি ৰাখি অসম সচিবালয়ত এটি স্বেচ্ছামূলক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠান উদ্বোধন কৰি অসম চৰকাৰৰ মুখ্য সচিব শ্ৰী আলোক কুমাৰ দেৱে কয় যে স্বেচ্ছামূলক ৰক্তদানৰ বাবে সকলোৱে আগবাঢ়ি অহা উচিত। অপেছাদাৰী ৰক্তদাতা সকলে সমাজৰ প্ৰতি এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে বুলিও তেখেতে ভাষণ প্ৰসংগত কয়।

স্বেচ্ছামূলক ৰক্তদানে মনলৈ অনাবিল আনন্দ দিয়াৰ লগতে আৰ্ত্যজনক জীৱনৰ উপহাৰ প্ৰদান কৰে।

আনহাতে, ৰক্তদান শিবিৰত মুখ্য সচিব ডাঙৰীয়াই নিজে ৰক্তদান কৰাৰ উপৰিও অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব আৰু প্ৰকল্প সঞ্চালক অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ শ্ৰী অনুৰাগ গোবেলেও ৰক্ত দান কৰে।

অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব শ্ৰী সমীৰ কুমাৰ সিনহা, আয়ুক্ত সচিব শ্ৰী মতী কৃষ্ণা গোহাই, সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব ড০ এম আংগমুথুৰৰ উপৰিও অসম চৰকাৰৰ বহুতো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

বিশ্ব ৰক্ত দান দিৱসৰ মূল অনুষ্ঠানটি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসুতি বিভাগৰ শৈক্ষিক প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ প্ৰকল্প সঞ্চালক শ্ৰী অনুৰাগ গোৱেলে স্বেচ্ছামূলক ৰক্তদানৰ জৰিয়তে হাজাৰজনৰ জীৱন ৰক্ষা কৰিৰ পাৰি বুলি উল্লেখ কৰে। স্বেচ্ছামূলক ৰক্তদাতা সকল আমাৰ সমাজৰ বাবে ‘আনছাং হিৰো’ৰ দৰে। এই বিশ্ব ৰক্তদাতা দিৱস পালনৰ জৰিয়তে আমি তেখেতসকলক ধন্যাবদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰো বুলিও মন্তব্য প্ৰকাশ কৰে গোৱেলে।

জি এম চি এইচৰ অধ্যক্ষ ডা০ আৰ তালুকদাৰে স্বেচ্ছামূলক ৰক্তদান আজিৰ সমাজৰ বাবে এক অপৰিহাৰ্য্য অংগ বুলি উল্লেখ কৰে। এজন সুস্থ ব্যক্তিয়ে তিনিমাহৰ অন্তৰে অন্তৰে বিনা দ্বিধাই আৰু শৰীৰৰ কোনো ক্ষতি নোহোৱাকৈ ৰক্তদান কৰিব পাৰে। অনুষ্ঠানত জি এম জি এইচৰ অধীক্ষক ডা০ ৰমেন তালুকদাৰ, পেথলজী বিভাগৰ প্ৰফেচাৰ তথা ব্লাদ বেংক ইনছাৰ্জ ডা০ তীৰ্থা চলিহা দেৱে ভাষণ প্ৰদান কৰে।