NORTHEAST NOW (Assamese)
অসম

শ্বহীদ নিৰোদ শৰ্মাৰ বাসগৃহত হিমন্ত বিশ্ব শৰ্মা; শ্বহীদগৰাকীৰ সোঁৱৰণত ৩ কিলোমিটাৰ পথ উৎসৰ্গাৰ নিৰ্দেশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 15, 2019 12:29 pm
Himanta Biswa Sarma

১২ জুনত দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাত সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলীয়াগুলীত শ্বহীদ হোৱা অসমৰ চি আৰ পি এফৰ জোৱান নিৰোদ শৰ্মাৰ নলবাৰীৰ বৰমাত থকা বাসগৃহত শুকুৰবাৰে উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

বীৰ শ্বহীদগৰাকীৰ দহকাউনীয়াস্থিত বাসগৃহত উপস্থিত হৈ শৰ্মাই শোকাকুল পৰিয়ালটোৰ সদস্যসকলক সান্ত্বনা দিয়াৰ লগতে শ্বহীদ নিৰোদ কলিতাৰ দেশমাতৃৰ বাবে কৰা আত্মবলিদানক স্মৰণ কৰি তেওঁৰ নামত ৩ কিলোমিটাৰ পথ উৎসৰ্গা কৰিবলৈ নিৰ্দেশ দিয়ে।

আনহাতে, হিমন্ত বিশ্ব শৰ্মাই নিৰোদ শৰ্মাৰ নামকৰণত নিৰ্মাণ হ’বলগীয়া কে বি এছ পথৰ পৰা টিহু-বৰমা পথলৈ তিনি কিলোমিটাৰ পথছোৱাৰ নিৰ্মাণকাৰ্য্য তিনিমাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে শ্বহীদগৰাকীৰ পৰিয়ালক অসম চৰকাৰৰ তৰফৰ পৰা সকলো প্ৰকাৰৰ সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰে।

উল্লেখযোগ্য, সুদীৰ্ঘ ২৭ বছৰ ধৰি দেশৰ সেৱাত নিয়োজিত হৈ থকা শ্বহীন নিৰোদ শৰ্মা ১৯৯১ চনত চি আৰ পি এফত যোগদান কৰিছিল।