NORTHEAST NOW (Assamese)
অসম

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে ASTC ৰ বিনামূলীয়া বাছ সেৱা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 15, 2019 1:17 pm
ASTC Challo AAP

এতিয়াৰ পৰা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৰাজ্যৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ক্ৰমে ২ বছৰ আৰু ৩ বছৰলৈ বিনামূলীয়াকৈ অসম ৰাজ্যিক পৰিবহন নিগম (ASTC)ৰ বাছত যাত্ৰা কৰিব পাৰিব।

শুকুৰবাৰে ৰাজ্যৰ পৰিৱহণ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মহানগৰীৰ হোটেল ৰেডিচন ব্লু’ত ৰাজ্যিক পৰিবহণ নিগমৰ ‘চলো’ (CHALO) নামৰ এটা মোবাইল এপ’ মুকলি কৰি এই কথা ঘোষণা কৰে।

আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ ডিজিটেল ইণ্ডিয়াৰ অংশস্বৰূপে মুকলি কৰা ‘চলো’ এপ’ৰ জৰিয়তে এতিয়া পৰবহণ নিগমৰ বাছৰ যাত্ৰীসকলে ঘৰতে বহি টিকত বুকিং কৰিব পাৰিব আৰু অনলাইনত নিজৰ বাছখন লাইভ ট্ৰেকিঙো কৰিব পাৰিব।

তদুপৰি, এতিয়াৰ পৰা ‘চলো’ এপ’টোৰ জৰিয়তে টিকত বুকিং কৰি ASTC বাছত ভ্ৰমণ কৰা প্ৰতিগৰাকী যাত্ৰীয়ে ডিজিটেল টিকত লাভ কৰিব।

চন্দ্ৰমোহন পাটোৱাৰীয়ে এপ’টো মুকলি কৰা অনুষ্ঠানত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছত যাতে যাত্ৰীসকলে কোনোধৰণৰ অসুবিধা নোহোৱাকৈ যাত্ৰা কৰিব পাৰে তাৰ প্ৰতি লক্ষ্যৰাখি আৰু কণ্ডাক্টৰে বাছ ভাড়াৰ ক্ষেত্ৰত কোনোধৰণৰ খেলিমেলি কৰিব নোৱাৰে তাৰ বাবে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে।