NORTHEAST NOW (Assamese)
অসম

২২ জুনত গুৱাহাটীত অনুষ্ঠান পৰিৱেশন কৰিব জনপ্ৰিয় কৌতুক অভিনেতা জাকিৰ খানে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 17, 2019 1:24 pm
ZakirKhan_Guwahati

২২ জুনত ভাৰতৰ আটাইতকৈ জনপ্ৰিয় কৌতুক অভিনেতা জাকিৰ খানে অনুষ্ঠান পৰিৱেশন কৰিব গুৱাহাটীৰ আই টি এ মাছখোৱাত। জনপ্ৰিয় ‘ছখট লৌণ্ডা’ই সম্পূৰ্ণ নতুন বিশেষ ষ্টেণ্ড আপ অনুষ্ঠান পৰিৱেশন কৰিব গুৱাহাটীত।

‘মই আপোনালোকক জনাবলৈ পাই সুখী অনুভৱ কৰিছো যে মই পুনৰবাৰ গুৱাহাটীত অনুষ্ঠান পৰিৱেশন কৰিম। পূৰ্বে মই চাৰিবাৰ গুৱাহাটীলৈ আহিছো। এইবাৰ মই পঞ্চমবাৰৰ বাবে গুৱহাটীত অনুষ্ঠান পৰিৱেশন কৰিম আৰু মই নিশ্চিত যে ই হ’ব পাঁচ গুণ অধিক ৰসিকতাভৰা। ২২ জুনত আপোনালোকক লগ পাম মাছখোৱাত’। এনেদৰে কয় জাকিৰ খানে।

আয়োজক প্ৰতিষ্ঠান অ’ এম এল এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড আৰু কমেডি চাৰ্কিটে প্ৰেক্ষাগৃহ সম্পূৰ্ণৰূপে ভৰি পৰিব বুলি আশা প্ৰকাশ কৰিছে কিয়নো ইতিমধ্যে অনুষ্ঠানটোৰ বাবে বহু পৰিমাণে টিকট বিক্ৰী হৈছে।

‘আমি জাকিৰ খানক গুৱাহাটীত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ কৰি আনন্দিত। তেওঁ এগৰাকী জনতাৰ শিল্পী আৰু আমি নিশ্চিত যে গুৱাহাটীৰ দৰ্শকে তেওঁৰ অনুষ্ঠান উপভোগ কৰি ভাল পাব’। এইদৰে কয় আয়োজকে।

উল্লেখ্য যে বিগত বৰ্ষসমূহত অনুষ্ঠান পৰিৱেশন কৰাৰ সময়ত জাকিৰে এক নতুন ষ্টাইল সৃষ্টি কৰি লৈছে যি সাধাৰণ জনতাৰ মাজত অতি জনপ্ৰিয়। ‘হক ছে ছিংগল’ৰ দে ভিডিঅ’ৰ বাবে তেওঁ বিভিন্ন সন্মান লাভ কৰিছে আৰু যিয়ে তেওঁৰ ভাৰতীয় কমেডিৰ ক্ষেত্ৰত অতি জনপ্ৰয়ি কৰি তুলিছে।

ইফালে আয়োজকে জাকিৰ খানৰ অনুষ্ঠানৰ বাবে insider.inত টিকট লাভ কৰিব বুলি জানিবলৈ দিয়ে। টিকটৰ দাম ৪৯৯ টকাৰ পৰা ১২৯৯ টকাৰ ভিতৰত নিৰ্ধাৰণ কৰা হৈছে।