NORTHEAST NOW (Assamese)
অসম

আন্তৰ্জাতিক যোগদিৱস উপলক্ষে বুঢ়ীখামাৰ মাদ্ৰাছাৰ ছাত্ৰই কৰিলে যোগাভ্যাস

Posted by: পুলেন্দ্র দাস Updated by: পুলেন্দ্র দাস June 21, 2019 8:53 pm
64745768_1127471627453037_6459421884499886080_n

সমগ্ৰ বিশ্বৰ লগতে আজি বৰপেটাৰ বাগোদীৰ সমীপৰ বুঢ়ীখামাৰ মাদ্ৰাছাতো পালন কৰা হয় যোগ দিৱস ৷ মাদ্ৰাছাৰ ছাত্ৰসকল যে অইন বিদ্যালয়ৰ ছাত্ৰতকৈ পৃথক নহয় সেয়া আজি প্ৰমাণ কৰি দেখুৱালে বুঢ়ীখামাৰৰ বাহাৰুল উলুম আঞ্চলিক হাফিজীয়া কাৰিকৰী মাদ্ৰাছাৰ ছাত্ৰসকলে৷

আজি আন্তৰ্জাতিক যোগদিৱস উপলক্ষে মাদ্ৰাছাখনৰ প্ৰাংগনত অনুষ্ঠিত কৰা যোগ দিৱসত মাদ্ৰাছাখনৰ ছাত্ৰ সকলে যোগাভ্যাস কৰে ৷

মুছলিম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বুঢ়ীখামাৰ ইয়ুথ ক্লাৱ এণ্ড লাইব্ৰেৰীৰ সহযোগত ৰূপায়ণ কৰা এই যোগ দিৱস কাৰ্যসূচীত মাদ্ৰাছাখনৰ শতাধিক ছাত্ৰ আৰু স্থানীয় একাংশ ৰাইজক যোগাভ্যাস শিকায় যোগ প্ৰশিক্ষক লাভলী বেগমে।

ইয়াৰ পূৰ্বে যোগৰ প্ৰয়োজনীয়তাৰ ওপৰত চমু বক্তব্য আগবঢ়ায় প্ৰশিক্ষক গৰাকীয়ে ৷

এই অনুষ্ঠানত মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জালালউদ্দিন, বৰপেটা জিলা ডিজিটেল সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি পুলেন্দ্ৰ দাস, বাগোদী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুৰ ৰহমান খান, মাদ্ৰাছাখনৰ অধীক্ষক হেলালউদ্দিন দেৱান উপস্থিত থাকে ৷