NORTHEAST NOW (Assamese)
অসম

সৰ্বভাৰতীয় কেন্দ্ৰীয় বিদ্যালয় সাঁতোৰ প্ৰতিযোগিতাত শিৱসাগৰৰ তিনি ছাত্ৰৰ সাফল্য

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ June 22, 2019 7:12 am
IMG-20190621-WA0010
দিল্লীৰ তালকৈটৰাত ১৭ জুনৰ পৰা ২০ জুনলৈ অনুষ্ঠিত হৈ থকা সৰ্বভাৰতীয় কেন্দ্ৰীয় বিদ্যালয় সাঁতোৰ প্ৰতিযোগিতাত শিৱসাগৰৰ তিনি ছাত্ৰই নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ।
শিৱসাগৰ অ’এনজিচি কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ ক্ৰমে পাৰ্থ দত্ত,আদিত্য থাপা আৰু ৱাছিদ আহমেদ নামৰ ছাত্ৰ তিনিগৰাকীয়ে সাফল্য অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে।
উল্লেখযোগ্য যে, তিনিওগৰাকী ছাত্ৰই শিৱসাগৰৰ চুইমিং চচাইটিৰ তত্বাৱাধানত সাঁতোৰৰ প্ৰশিক্ষণ লৈ আছে । প্ৰতিযোগিতাখনত পাৰ্থ দত্তই দুটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে আদিত্য থাপাই চাৰিটা সোণ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰে আৰু ৱাছিদ আহমেদে দুটা সোণ আৰু দুটা ৰূপৰ পদক লাভ কৰি শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।
তিনিওগৰাকী ছাত্ৰৰ এই সফলতাত শিৱসাগৰৰ সকলো ক্ৰীড়া প্ৰেমী ৰাইজ উৎফুল্লিত হৈ পৰিছে। আনহাতে, অসমত উপস্থিত হোৱা ছাত্ৰ তিনিগৰাকীক সাংবাদিকে প্ৰশ্ন কৰাত তেওঁলোকে ভবিষ্যতে আৰু অধিক উন্নত প্ৰদৰ্শন দাঙি ধৰি ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সপোন পুহি ৰাখিছে বুলি মন্তব্য প্ৰকাশ কৰে।