NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰীৰ বিবৃতিত ভয়াবহ তথ্য; দেশৰ প্ৰদূষিত ৩৫১ খন নদীৰ ভিতৰত ৪৪ খন অসমৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 22, 2019 12:47 pm
River Pollution

কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাৱেড়েকাৰে শুকুৰবাৰে লোকসভাৰ মজিয়াত উত্থাপন কৰা এক প্ৰতিবেদনত অসমৰ নদ-নদীত প্ৰদূষণৰ মাত্ৰা ভয়ংকৰ হাৰত বৃদ্ধি পোৱাৰ উদ্বেগজনক তথ্য প্ৰকাশ পাইছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ভাৰতৰ ৩৫১ খন প্ৰদূষিত নদীৰ ভিতৰত অসমৰ ৪৪ খন নদীয়ে স্থান লাভ কৰে। এই পৰিসংখ্যাই মাত্ৰ ডেৰ বছৰৰ ভিতৰত অসমৰ ১৬ খন নদী নতুনকৈ প্ৰদূষণৰ কবলত পৰাৰ অতি ভয়াবহ তথ্য উদঙাই দিছে।

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

লোকসভাৰ প্ৰশ্নোত্তৰ কালত জাৱড়েকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি সমগ্ৰ দেশৰ ভিতৰত মাহাৰাষ্ট্ৰত প্ৰদূষিত নদ-নদীৰ সংখ্যা সৰ্বাধিক আৰু মহাৰাষ্ট্ৰৰ পাছতে অসমে স্থান লাভ কৰে।

প্ৰকাশ জাৱড়েকাৰে প্ৰদান কৰা বিবৃতিত প্ৰকাশ পোৱা অনুসৰি প্ৰদূষিত নদীৰ তালিকাত থকা অসমৰ নদীসমূহৰ নাম তলত উল্লেখ কৰা হ’ল-

ব্ৰহ্মপুত্ৰ, ভৰলু, বৰছলা, দীপৰ বিল(জলাশয়), ডিগবৈ, পঞ্চনৈ, কমলপুৰ, পাগলাদিয়া, খৰছং, বৰৈ, বৰাক, বেগা, বেঁকী, বগীনদী, ভোগদৈ, বৰবিল, বৰদৈবাম বুঢ়াদিহিং, ধনশিৰি, দিখৌ, ডিক্ৰং, দিপলাই, দিছাং, গাভৰু, হলুদুঙা, জীয়াভৰলী, জাঁজি, কলং, কপিলী, কিলিং, কঁহৰা, কুলশী, মালিনী, মৰাভৰলী, পুঠিমাৰি, ৰঙানদী, চামগুৰি, শিলসাঁকো, সোণকোষ, সোণাই আৰু টেঙা নৈ।

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

উল্লেখযোগ্য যে, ২০১৭ চনৰ লোকসভাৰ তথ্যত প্ৰকাশ কৰা তথ্যত অসমৰ ২৮ খন নদী প্ৰদূষিত নদীৰ তলিকাত আছিল কিন্তু উদ্বেগজনকভাৱে মাত্ৰ ডেৰবছৰৰ ভিতৰত নতুনকৈ আৰু ১৬ খন নদীৰ নাম ইয়াৰ লগত জড়িত হোৱা তথ্যই অসমৰ নদীসমূহত প্ৰদূষণৰ ভয়াবহতাৰ ছবিখন ডাঙি ধৰিছে।

এনেদৰে অসমৰ জন-জীৱনৰ আয়ুস ৰেখা স্বৰূপ নদীসমূহত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পালে অদূৰ ভবিষ্যতে অসমৰ খোৱা পানীৰ উৎস তথা পনীত বাস কৰা জীৱকূললৈ সংকত নামি অহাটো নিশ্চিত।