NORTHEAST NOW (Assamese)
Popular Stories

মুছলমান লোকক মাৰপিট কৰি ‘জয় শ্ৰী ৰাম’ ধ্বনি দিবলৈ বাধ্য কৰোৱা ৰাম সেনাৰ নেতাক গ্ৰেপ্তাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 22, 2019 3:03 pm

বৰপেটা চহৰত মুছলমান সপ্ৰদায়ৰ কেইজনমান লোকক মাৰপিট কৰা ঘটনাৰ মূল অভিযুক্ত যোগী দেৱজিৎ ডেকাক শুকুৰবাৰে নিশা বৰপেটা আৰু মহানগৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই গ্ৰেপ্তাৰ কৰে। দেৱজিৎ ডেকা ‘হিন্দুত্ববাদী’ সংগঠন ৰাম সেনাৰ অসমৰ ৰাজ্যিক প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক।

কালি নিশা প্ৰায় ১১ মান বজাত আৰক্ষীয়ে তেওঁক মহানগৰীৰ ছয়মাইলৰ পৰা গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে দেৱজিৎ ডেকাৰ নেতৃত্বত ৰাম সেনাৰ একাংশ সদস্যই বৰপেটা চহৰত এখন টেম্প’ৰ ভিতৰত আহি থকা কেইজনমান মুছলমান লোকক ‘জয় শ্ৰী ৰাম’ ধ্বনি দিবলৈ বাধ্য কৰাই মাৰপিট কৰিছিল।

পিছত ঘটনা সন্দৰ্ভত বৰপেটা সদৰ থানাত বৰপেটা আমছুৱে ১৩২৫/১৯ নম্বৰত গোচৰ ৰুজু কৰাত আৰক্ষীয়ে ডেকাক কালি গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে বৰ্তমান আৰক্ষীৰ জিম্মাত থকা ডেকাক কিছুসময় পাছতে বৰপেটাৰ মুখ্য দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, ৰাম সেনাৰ নেতা দেৱজিৎ ডেকাই ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিভিন্ন সময়ত ‘সাম্প্ৰদায়িক’ আৰু মুছলমান বিৰোধী মন্তব্য আগবঢ়াই আহিছিল।

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু মুছলিম ছাত্ৰ সন্থাৰ বৰপেটা জিলা সমিতিয়ে হাউলী থানাৰ লগতে বৰপেটা সদৰ থানাত ৰুজু কৰাৰ উপৰি বৰপেটাৰ বিভিন্ন দল–সংগঠনেও ৰাম সেনাৰ এনে কাণ্ডৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল।

আনহাতে আজি দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি ৰাম সেনাৰ নেতৃত্বই কৃষক মুক্তি আৰু আমছুৰ কথা মতে আৰক্ষীয়ে ডেকাক গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ কৰে আৰু যদি কাইলৈৰ ভিতৰত তেওঁক মুকলি কৰি নিদিয়ে তেন্তে ‘বেলেগ ব্যৱস্থা’ গ্ৰহণ কৰা হ’ব বুলি কয়।