NORTHEAST NOW (Assamese)
অসম

অসমৰ চুটি ছবি, এনিমেশ্যন নিৰ্মাণৰ বাবে ৰাজ সাহায্যত অনুমোদন ৰাজ্য চৰকাৰৰ

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক June 24, 2019 5:46 pm
press meet jatin Bora, Reema das

অসমৰ চুটি ছবি,এনিমেশ্যন ছবি নিৰ্মাণৰ বাবে ৰাজ সাহায্যত ৰাজ্য চৰকাৰে অনুমোদন জনাইছে। ইতিমধ্যে ইয়াৰ বাবে চৰকাৰে ১ কোটি টকা মোকলাই দিছে। সোমবাৰে এখন সংবাদমেল যোগে এইকথা সদৰী কৰে অসম চলচিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ যতীন বৰাই।

ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি লাভ কৰা  ৰীমা দাসেও সংবাদমেলত অংশগ্ৰহণ কৰে।

অধ্যক্ষ বৰাই জানিবলৈ দিয়ে যে চুটি ছবিৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্মাতাসকলে ৫ লাখৰ পৰা ২৫ লাখ টকাৰ ৰাজ সাহায্য লাভ কৰিব। অৰ্থাৎ দৈৰ্ঘৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্মাতাই ২৫ লাখ টকা পৰ্যন্ত ৰাজ সাহায্য লাভ কৰিব।

তদুপৰি, সংবাদমেলত জানিব দিয়া অনুসৰি ৰাজ্যখনত বন্ধ হৈ থকা চিনেমা হলসমূহ পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে ধন মুকলি কৰি দিছে।

আনহাতে, যশস্বী পৰিচালক ৰীমা দাসলৈ নতুন ছবি নিৰ্মাণৰ বাবে ৫০ লাখ টকা আগবঢ়োৱা হৈছে। ৰীমা দাসে তেওঁৰ নতুন ছবি পূৰ্ণ চন্দ্ৰাৰ বাবে এই ধনৰাশি লাভ কৰিব। অহা আগষ্ট মাহৰ পৰা ৰীমা দাসৰ ছবি পূৰ্ণ চন্দ্ৰাৰ শ্বুটিঙৰ কাম আৰম্ভ হ’ব।

ইপিনে, ৰীমা দাসৰ নতুন ছবি বুলবুল কেন সিং আগষ্ট বা ছেপ্টেম্বৰ মাহত অসমৰ চিত্ৰগৃহলৈ আহিব বুলিও সংবাদমেলত ব্যক্ত কৰে।

ৰীমা দাসে ছবিখনত ৫০ লাখ টকা ব্যয় নহলে বাকী পইচা চলচ্চিত্ৰ বিত্ত নিগমক ঘূৰাই দিব বুলিও জানিব দিয়ে। ইয়াৰ পূৰ্বে জাহ্নু বৰুৱালৈ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ৫০ লাখ টকা আগবঢ়োৱা হৈছিল।

আনহাতে, অসমৰ শিল্পী কল্যাণ ন্যাসৰ তৰফৰ পৰা এতিয়ালৈ কেইবাজনো শিল্পীলৈ ৫০ লাখ টকা আগবঢ়োৱা হৈছে বুলিও বৰাই জানিবলৈ দিয়ে।

অস্কাৰৰ সময়ত ৰীমা দাসক অনুদান আগবঢ়োৱা সকলোকে সহ প্ৰযোজক হিচাপে লৈ ৰীমা দাসে এখন চিনেমা নিৰ্মাণ কৰিব য’ত অনুদান আগবঢ়োৱা প্ৰত্যেকজন লোকেই ইয়াৰ লাভ্যাংশ পাব।

ইয়াৰ মাজতে প্ৰঞ্জনা দত্ত আৰু বৰদৈচিলা থিয়েটাৰৰ মাজত হোৱা ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি যতীন বৰাই কয় যে তেওঁলোকে আলোচনাৰ মাজেৰে সমস্যাটো সমাধান কৰিব পাৰিলেহেঁতেন।

এনেকুৱা ঘটনাৰ বাবে ৰাইজৰ মোহভংগ হ’ব আৰু ভ্ৰাম্যমাণ থিয়েটাৰ আমি জীয়াই ৰাখিব লাগিব বুলি উল্লেখ কৰি যতীন বৰাই কয়,‘’অভিজিত ভট্টাচাৰ্য্য যদি ইমানে বেয়া, প্ৰযোজকে স্ক্ৰিপ্ট নিবিচাৰিলেই হল।‘’