NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ বিপুল প্ৰস্তুতি

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ June 25, 2019 7:00 am
FB_IMG_1560066132676

উজনি অসমৰ বাণিজ্য শিক্ষাৰ অগ্ৰণী অনুষ্ঠান হিচাপে পৰিগণিত  হোৱা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ে পঞ্চাশটা বছৰ অতিক্ৰম কৰিলে। পঞ্চাশ বছৰ অতিক্ৰম কৰা এই মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান  ২৯, ৩০ জুন আৰু ১ জুলাইত তিনিদিনীয়া কাৰ্যসূচীৰে মহাবিদ্যালয়ৰ প্ৰঙ্গণত অনুষ্ঠিত কৰা হ’ব।

সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি ৩০ জুন দেওবাৰে দিনৰ দুই বজাৰ পৰা নিশা ৯ বজালৈ  প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ বৰ্ণিল অনুষ্ঠান এটা অনুষ্ঠিত কৰা হ’ব।

অনুষ্ঠানটিৰ শুভ উদ্ধোধন কৰিব গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক হোমেশ্বৰ কলিতাই । ইয়াৰ পাছতেই অনুষ্ঠিত হ’ব প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ এক অন্তৰংগ আলাপ অনুষ্ঠান। অনুষ্ঠানত ১৯৬৯ চনৰ পৰা ২০১৮ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে অংশ গ্ৰহণ কৰি সেই সোণালী দিনৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰিব পৰাকৈ এক পৰিবেশ সৃষ্টি কৰিবলৈ এলুমিনি এচ’চিয়েচনে অপ্ৰাণ চেষ্ঠা অব্যাহত ৰাখিছে।

অন্তৰংগ আলাপৰ সমান্তৰালকৈ  অনুষ্ঠিত হ’ব বহু হাস্যমধুৰ অনুষ্ঠান।  সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান।  সাস্কৃতিক অনুষ্ঠানত অসমৰ সংগীত জগতত দপদপাই থকা  মহাবিদ্যালয়খনৰ বহুকেইগৰাকী প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰাৰ লগতে অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী কুসুম কৈলাশে সংগীতানুষ্ঠান পৰিবেশন কৰিব।

আনহাতে, ১ জুলাইত পুৱা ৮. ৩০ বজাত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন কলা কৃষ্টি সংস্কৃতিৰে সমৃদ্ধ এক সাংস্কৃতিক সোভাযাত্ৰা উলিওৱা হ’ব।  সাংস্কৃতিক সোভাযাত্ৰাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলেও অংশ গ্ৰহণ কৰিব।

উক্ত দুয়ো দিনৰ কাৰ্যসূচীত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ তৰফৰ পৰা সভাপতি অনুৰাগ শৰ্মা আৰু সম্পাদক মানসপ্ৰতীম গগৈৰ লগতে প্ৰাক্তন ছাত্ৰ নৰেন চেতিয়া, প্ৰদীপ খেমকা, অনিল গুপ্তা, জীৱন দে, হেমকান্ত গগৈ, নন্দকিশোৰ চাহু,  কাৰ্তিক দে, ৰাজেশ চন্দক, ৰণদ্বীপ হাজৰিকা,নয়ন দত্ত,  ৰাজীৱ বৰা ,  মৃদুল গগৈ, ৰাজীৱ শৰ্মা, কুমুদ দিহিঙ্গীয়া, জিতুজ্যোতি গায়ন, দিপ্তী বৰা, জেচমিন দে, মৃদুল চেতিয়াপাটৰ আৰু প্ৰশান্ত দাসে  সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক অংশ গ্ৰহণ কৰি অনুষ্ঠানটো সাফল্য মণ্ডিত কৰি তুলিবলৈ আহ্বান জনায়