NORTHEAST NOW (Assamese)
অসম

বিত্ত বাজেটৰ পূৰ্বে অসমৰ বিজেপি সাংসদৰ সৈতে বৈঠক বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 25, 2019 9:06 am
nirmala-sitharaman

 

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সোমবাৰে অসমৰ দহগৰাকী বিজেপিৰ সাংসদক আমন্ত্ৰণ জনাই প্ৰাক-বাজেট সম্বন্ধীয় গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

কেন্দ্ৰীয় খাদ্য সংসাধন ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু লোকসভা আৰু ৰাজ্যসভাৰ বিজেপিৰ সাংসদসকলে সীতাৰমণৰ ১৫ চাফদৰজং ৰ’ডত থকা বাসগৃহত অনুষ্ঠিত হোৱা বৈঠকত অংশগ্ৰহণ কৰি অসমে সন্মুখিন হৈ অহা ভালেমান গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে আলোচনা কৰে।

‘‘আমি বিত্তমন্ত্ৰীক অসমৰ চাহ বাগিচা পুনৰ মুকলি কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে অসমত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীৰ হস্তক্ষেপ দাবী কৰিছো’’ বৈঠকৰ অন্তত এনেদৰে মন্তব্য কৰে ৰামেশ্বৰ তেলীয়ে।

বিত্তমন্ত্ৰীৰ সৈতে হোৱা বৈঠকত অসমৰ কাছাৰ আৰু নগাঁও কাগজ কলৰ প্ৰসংগও উত্থাপন কৰা হয় বুলি তেলীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

বৈঠকৰ প্ৰসংগত গুৱাহাটীৰ সাংসদ কুইন ওজাই কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে অসমৰ সাংসদ সকলৰ কথা অতি মনোযোগেৰে শুনা বুলি উল্লেখ কৰাৰ লগতে সাংসদসকলে উত্তৰ-পূব প্ৰধানকৈ অসমৰ ভালেমান গুৰুত্বপূৰ্ণ সমস্যাৰ প্ৰসংগ উত্থাপন কৰে বুলি মন্তব্য কৰে।.

সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি ৫ জুলাইৰ নতুন বিত্তীয় বাজেটত নতুন আঁচনি ঘোষণা কৰাতকৈ পুৰণা আঁচনিসমূহ সম্পূৰ্ণ কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হ’ব।