NORTHEAST NOW (Assamese)
অসম

প্ৰকাশ পালে এন আৰ চি (NRC) অতিৰিক্ত খচৰা; সেৱা কেন্দ্ৰ, অনলাইনত উপলব্ধ প্ৰকাশিত অতিৰিক্ত খচৰা

Posted by: এন ই নাও নিউজ June 26, 2019 10:28 am
Assam's citizen forum pleads centre to withdraw NRC

সম্পুৰ্ণ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ পূৰ্বে আজি প্ৰকাশ পাই নাগৰিকপঞ্জীৰ অতিৰিক্ত খচৰা। প্ৰকাশিত অতিৰিক্ত খচৰাখন প্ৰতিটো অন আৰ চি সেৱা কেন্দ্ৰ, মহকুমাধিপতিৰ কাৰ্য্যালয়, জিলা উপায়ুক্তৰ কাৰ্য্যালয় আৰু চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত উপলব্ধ হ’ব।

প্ৰকাশিত হোৱা এন আৰ চিৰ অতিৰিক্ত খচৰাখনৰ তালিকাত ১ লাখ ২ হাজাৰ ৪৬২ গৰাকী লোকৰ নাম অন্তৰ্ভূক্ত হৈছে। তালিকাখনত ‘ডি’ ভোটাৰ, বিদেশী ঘোষিত লোকৰ নাম আৰু বিদেশী ন্যায়াধীকৰণত গোচৰ চলি থকা লোকৰ নামো অন্তৰ্ভূক্ত হোৱা বুলি প্ৰকাশ পাইছে।

অতিৰিক্ত খচৰাত দাবী-আপত্তিৰ শুনানিৰ ফলাফল অন্তৰ্ভক্ত কৰা হোৱা নাই। তালিকাত নাম সন্নিবিষ্ট লোকসকললৈ জাননী প্ৰেৰণ কৰা হ’ব।

তদুপৰি, ১১ জুলাইৰ ভিতৰত এন আৰ চি সেৱাকেন্দ্ৰত দাবী উত্থাপন কৰিব পাৰিব আৰু চূড়ান্ত এন আৰ চি প্ৰকাশৰ পূৰ্বে শুনানিযোগে দাবী সমূহ নিষ্পত্তি কৰা হ’ব বুলি এন আৰ চি কৰ্তৃপক্ষই উল্লেখ কৰিছে।

আনহাতে, উল্লেখিত কেন্দ্ৰ আৰু কাৰ্য্যালয়ৰ উপৰিও অনলাইন যোগে নাগৰিকসকলে নিজৰ নাম এন আৰ চিৰ অতিৰিক্ত খচৰাত অন্তৰ্ভূক্ত হৈছে নে নাই চাব পাৰিব। অনলাইনত অতিৰিক্ত খচৰাখনত নিজৰ নাম চাব বিচৰাসকলে www.nrcassm.nic.in  ৱেবছাইটত গৈ কম্প্লিট ড্ৰাফট এন আৰ চি ভিউৱিং লিংক (Complete Draft NRC viewing Link) ত গৈ এক্সক্লুডেদ ইন এদিশ্যনেল লিষ্টত উপলব্ধ হোৱা তালিকাত নিজৰ নাম অন্তৰ্ভূক্ত হৈছে নে নাই চাব পাৰিব।

ইতিমধ্যে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ৰক্ষী প্ৰতীক হাজেলাই এন আৰ চিৰ অতিৰিক্ত খচৰাখন প্ৰকাশৰ পূৰ্বে জিলাসমূহৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত জিলা উপায়ুক্তক সজাগ হৈ থকাৰ বাবে নিৰ্দেশনা দিয়ে। অতিৰিক্ত খচৰা প্ৰকাশৰ সময়ত সেৱা কেন্দ্ৰ সমূহৰ নথি-পত্ৰ তথা গুৰুত্বপূৰ্ণ ফাইল আদিবোৰ সুৰক্ষিত অৱস্থাত ৰখাটো নিশ্চিত কৰাৰ বাবেও জিলা উপায়ুক্তসকলক আহ্বান জনাই হাজেলাই।