NORTHEAST NOW (Assamese)
Popular Stories

গুৱাহাটীৰ লখৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 26, 2019 4:32 pm

গুৱাহাটী মহানগৰীৰ লখৰাত আজি দুপৰীয়া ১:৩০ মান বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত ৪খনকৈ বাহনৰ ক্ষতিসাধন হোৱাৰ লগতে ১জন ব্যক্তি গুৰুতৰভাৱে আহত হয়।

প্ৰাপ্ত তথ্য মতে খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখে গৈ থকা ত্ৰিপুৰাৰ পঞ্জীয়নকৃত টি আৰ ০১ এ ডি ১৮৯ নম্বৰৰ এখন ট্ৰাকে খুব জোৰত ব্ৰেক মাৰে। ফলত ট্ৰাখনৰ পিছত আহি থকা বাহনকেইখনৰ মাজত খুন্দা লগাৰ লগতে এ এছ ০১ কে চি ২৮৫৪ নম্বৰৰ এখন অল্ট’ গাড়ী উক্ত ট্ৰাকখনৰ তলত সুমাই পৰে।

দুৰ্ঘটনাটোৰ ফলত অল্ট’ৰ চালক গৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁক চিকিৎসাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰা হৈছে। বাতৰি লিখা সময়লৈকে চালকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীৰ পৰা এখন ট্ৰাকে পলায়ন কৰাৰ উপৰি আনখন ট্ৰাক আৰু এখন বলেৰ’ পিকআপ বাহনৰ চালক কেইজনে নিজৰ বাহন কেইখন তাতে এৰি পলায়ন কৰে।

দুৰ্ঘটনাটোৰ লগে লগে ৰাষ্ট্ৰীয় ঘাই পথছোৱাত তীব্ৰ যান জঁটৰ সৃষ্টি হয়, অৱশ্যে পিছত বশিষ্ঠ যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাহনকেইখন বশিষ্ঠ থানালৈ নিয়াৰ ব্যৱস্থা কৰে।