NORTHEAST NOW (Assamese)
অসম

নুমলীগড়ৰ চাহ বাগিচাত সদ্যজাত হাতী পোৱালিৰ ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া June 27, 2019 11:57 am
Dead baby Jumbo

আজি নুমলীগড়ৰ বি জি কে চাহ বাগিচাত পুনৰ এটা হাতী পোৱালিৰ মৃতদেহ উদ্ধাৰ হৈছে। মাত্ৰ এসপ্তাহ পূৰ্বে জন্ম হোৱা হাতী পোৱালিটো বুধবাৰে নিশা মৃত্যু হোৱা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে।

ইফালে মৃতদেহ পৰি থকা ঠাইত হাতী পোৱালিটোৰ দেহৰ বিভিন্ন মাংসপিণ্ড সিঁচৰিত হৈ থকা পৰিলক্ষিত হয়। বাগিচা কৰ্তৃপক্ষই ব্যৱহাৰ কৰা ব্লেড ফেঞ্চিঙত লাগিয়েই হাতী পোৱালিটোৰ মৃত্যু হোৱা বুলি একাংশই জনাইছে ৷      

উল্লেখ্য যে নুমলীগড় শোধানাগাৰৰ বিভিন্ন কাৰ্যৱলী, চাহ বাগিচাৰ সম্প্ৰসাৰণ, চাহ ফেক্টৰি প্ৰতিস্থাৰ উপৰি শিলৰ অনিয়ন্ত্ৰিত খননে ক্ৰমে বিপন্ন কৰি তুলিছে কাৰ্বি আংলং জিলা আৰু গোলাঘাটৰ সীমান্ত অঞ্চল ৷ অঞ্চলটোত আৱাস হেৰুৱাই আশ্ৰয়হীন হোৱা হাতীজাক বোৰে এতিয়া দিহিঙে দিপাঙে বিচৰণ কৰিব লগাত পৰিছে ৷ যাৰ বাবে অঞ্চলটোত ৰাজ্যৰ ভিতৰতেই হাতী আৰু মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

প্ৰসাৰিত চাহ বাগিচাবোৰৰ দ নলাত পৰি বহু হাতী পোৱালীৰ ইতিমধ্যে মৃত্যুও হৈছে। এফালে আৱাস আৰু খাদ্যৰ অভাৱত পুতৌ লগা অৱস্থা হৈছে অঞ্চলটোত থকা হাতীৰ জাকবোৰৰ। ইমানৰ পিছতো বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাক লৈ ক্ষুভিত হৈ পৰিছে স্থানীয় লোক তথা প্ৰকৃতি প্ৰেমী।