NORTHEAST NOW (Assamese)
অৰুণাচল

মেৰীকমৰ পৰা হাত সাৰিবলৈ ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৰ কৌশলপূৰ্ণ মন্তব্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 28, 2019 2:23 pm
Mary-Kom

ছয়বাৰৰ বিশ্ব চেম্পিয়ন মহিলা বক্সাৰ মেৰীকমৰ শক্তিশালী পাঞ্চৰ পৰা হাত সাৰিবলৈ মহিলাৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ নহয় বুলি দেশৰ ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে কৰা বিশেষ কৌশল পূৰ্ণ মন্তব্যই এতিয়া চৰ্চা লাভ কৰিছে ছ’চিয়েল মিডিয়াত।

দেশৰ ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে ২৭ জুনত নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে এটা ভিডিঅ’ চেয়াৰ কৰিছে য’ত ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে মেৰীকমৰ পাঞ্চৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰি থকা পৰিলক্ষিত হৈছে।

ৰিজিজুৱে টুইটটোত লিখে, ‘ছয়বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ তথা ভাৰতৰ গৌৰৱ মেৰীকমে বাৰে বাৰে কৈ আছিল; কাম অন, কাম অন, লে’টছ ফাইট! মই শংকিত হৈছিলো সেয়ে মই বাহনা বনাইছিলো। মই কৈছিলো, ‘মই মহিলাৰ সৈতে যুদ্ধ নকৰো’,’।

উল্লেখ্য যে ক্ৰীড়া মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ কিছু দিন পাছতে নতুন দিল্লীস্থিত ইন্দিৰা গান্ধী ষ্টেডিয়াম স্প’ৰ্টছ ট্ৰেইনিং চেণ্টাৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে খেলুৱৈ তথা প্ৰশিক্ষক সকলৰ সৈতে মত বিনিময় কৰা পৰিলক্ষিত হৈছিল। মত বিনিময়ৰ সময়ত মন্ত্ৰী গৰাকীয়ে ভাৰতীয় খেলুৱৈ সকলক বিশ্ব মানৰ কৰি তোলাৰ বাবে সকলো প্ৰকাৰৰ সুবিধা প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ইফালে এ এন আইৰ সূত্ৰৰ পৰা জানিব পৰা মতে লণ্ডন অলিম্পিকছৰ মেডেলিষ্ট মেৰীকমে ২০২০ অলিম্পিক গেইমছৰ কোৱালিফিকেশ্যনৰ বাবে প্ৰস্তুতি চলাই আছে।