NORTHEAST NOW (Assamese)
অসম

অভিনেত্ৰীৰ ভিডিঅ’ ভাইৰেল, ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজকৰ বিৰুদ্ধে আঙুলি ||Video

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক June 28, 2019 7:56 pm
Assam mobile theatre actress makes allegation of cheating against producer, releases video on facebook

অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ সৈতে বৰদৈচিলা থিয়েটাৰে চুক্তি বাতিল কৰা ঘটনাই ৰাজ্যৰ সাংস্কৃতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছতে এইবাৰ আন এজন নাট প্ৰযোজকৰ বিৰুদ্ধে উত্থাপিত হৈছে আন এক অভিযোগ।

চিৰঞ্জীৱ থিয়েটাৰ কৰ্তৃপক্ষই প্ৰাপ্য মাননি আদায় নিদিয়াৰ অভিযোগ আনি অভিনেত্ৰী মৌচুমী লস্কৰে ফে’চবুকত ৰাজহুৱা কৰা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। শুকুৰবাৰৰ সন্ধিয়া ৭:৩০বজালৈকে ভিডিঅ’টো ৬০৪বাৰ চেয়াৰ হৈছে।

https://www.facebook.com/366055737147851/posts/707548239665264/?sfnsn=mo

২৭ জুনত ‘ৰবি শৰ্মাৰ অনুৰাগী’ নামৰ এক ফেইচবুক পেইজত আপলৌড কৰা এটা ভিডিঅ’ত অভিনেত্ৰী মৌচুমী লস্কৰে নিজেই চিৰঞ্জীৱ থিয়েটাৰৰ প্ৰযোজক দুলুমণি দাসৰ বিৰুদ্ধে এই অভিযোগ আনিছে।

অভিনেত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে তেওঁ ভ্ৰাম্যমাণ নাট্যদলটোৰ হৈ বিগত দুটা বৰ্ষত অসমৰ বিভিন্ন ঠাইত অভিনয়ৰ জৰিয়তে দৰ্শকক আমোদ দিছিল। কিন্তু যোৱা বৰ্ষত তেওঁ নাট্য দলটোৰ প্ৰযোজকৰ পৰা কোনো মাননি পোৱা নাই।

‘মই তেখেতৰ (দুলুমণি দাসৰ) থিয়েটাৰত দুবছৰ কাম কৰিলো। যোৱা বছৰ আছিলো যোৱা বছৰৰ আগৰ বছৰতো তেখেতৰ থিয়েটাৰতেই কাম কৰিছিলো। মোৰ ভাগ্যই বেয়া আছিল আহি থকা বছৰৰ বাবেও মই চিৰঞ্জীৱ থিয়েটাৰতেই চুক্তিবদ্ধ হৈছিলো, কিন্তু ‘কেনচেল’ হ’ল। মই যোৱা বছৰ থিয়েটাৰখনত থাকিলো যদিও চিৰঞ্জীৱ থিয়েটাৰৰ পৰা মই পইচা নাপালো’, অভিনেত্ৰী মৌচুমী লস্কৰে ছ’চিয়েল মিডিয়াযোগে আপলোড দিয়া ভিডিঅ’টোত এইদৰে মন্তব্য কৰিছে।

ইপিনে, প্ৰযোজক দাসে ওলোটাই বৰপেটাৰ হাউলী থানাত অভিনেত্ৰীগৰাকীয়ে থিয়েটাৰৰ চুক্তি ভংগ কৰাৰ অভিযোগ আনি তেওঁৰ পৰা টকা পাবলৈ থকা বুলি এক গোচৰ তৰি থোৱা বুলি জানিবলৈ দিয়ে।

এগৰাকী কন্যা সন্তানৰ মাতৃ মৌচুমী লস্কৰে অকলে উপাৰ্জন কৰি কন্যাক হোষ্টেলত ৰাখি পঢ়ুৱাই আছে। তেনেক্ষেত্ৰত থিয়েটাৰ প্ৰযোজকে এইদৰে প্ৰাপ্য আদায় নিদিয়াৰ ফলত তেওঁৰ ছোৱালীৰ বিদ্যালয়ৰ নামভৰ্তিৰ মাচুলো জমা দিব পৰা নাছিল বুলি জানিবলৈ দিয়ে। এই বিষয়ে জনাই প্ৰযোজক দুলুমণি দাসক মাননি আদায় দিবলৈ তেওঁ কাতৰ অনুৰোধ জনাইছিল যদিও দাসে কোনো গুৰুত্ব দিয়া নাছিল বুলিও তেওঁ ভিডিঅ’টোত প্ৰকাশ কৰিছে।

ইয়াৰ পাছত নাট্যদলটো যোৰহাটৰ চেলেংহাটত নাট প্ৰদৰ্শনৰ বাবে  গৈছিল আৰু তাত প্ৰথম নিশাৰ নাট প্ৰদৰ্শনৰ পাছত অভিনেত্ৰীগৰাকীয়ে প্ৰাপ্য আদায় নিদিলে দ্বিতীয় নিশা তেওঁ অভিনয় নকৰে বুলি থিয়েটাৰৰ মালিক পক্ষক জনাই দিছিল। কিন্তু নাট্য দলটোৱে তেতিয়া তেওঁক বাদ দি দ্বিতীয় আৰু তৃতীয় নিশা প্ৰদৰ্শন হোৱা ‘ৰাজকুমাৰীৰ বিয়া’ আৰু ‘মই ৰাৱণ’ নাট দুখন মঞ্চস্থ কৰিলে বুলিও তেওঁ অভিযোগ আনিছে। আনকি ‘মই ৰাৱণ’ নাটখনত মৌচুমী লস্কৰে কৰিবলগীয়া চৰিত্ৰ সলনি কৰি সেই স্থানত এটা বোবা চৰিত্ৰ দি এগৰাকী নৃত্যশিল্পীক শিকাই বুজাই অভিনয় কৰোৱা বুলিও তেওঁ মন্তব্য কৰে।

ইয়াৰ পাছত চেলেংহাটত আটাইকেইটা দৰ্শনী শেষ হোৱাত থিয়েটাৰৰ আয়োজক সমিতিয়ে থকাৰ ব্যৱস্থা কৰি দিয়া ঠাইতে অভিনেত্ৰী মৌচুমীক এৰি থিয়েটাৰ দলটো আন ঠাইলৈ গুচি গৈছিল বুলিও তেওঁ ভিডিঅ’ৰ জৰিয়তে জানিবলৈ দিয়ে। উল্লেখ্য যে, চেলেংহাটৰ পাছত নাট্যবৰ্ষটোৰ ৭টা স্থানত দৰ্শনী বাকী আছিল।

ইপিনে, অভিনেত্ৰী মৌচুমী লস্কৰে যোৰহাটৰ পৰা গুৱাহাটীলৈ উভতি আহে কিন্তু প্ৰাপ্য নাপাই কিছুদিন পাছত বৰপেটাৰ হাউলী থানাত অভিযোগ দাখিল কৰে। হাউলী থানাই প্ৰযোজক দুলুমণি দাসক থানালৈ মাতি পঠাই যদিও তেওঁ থানালৈ আহি অভিনেত্ৰীগৰাকীয়েহে থিয়েটাৰৰ বিভিন্ন নিয়ম ভংগ কৰাৰ বাবে ওলোটাই টকা দিবলগীয়া আছে বুলি অভিযোগ আনে।

অভিনেত্ৰীগৰাকীয়ে প্ৰযোজক দুলুমণি দাসৰ বিৰুদ্ধে তেওঁক অশ্লীল ইংগিত দিয়াৰো অভিযোগ আনে। লগতে প্ৰযোজকগৰাকীক ‘লম্পট’ আৰু ‘চৰিত্ৰহীন’ আখ্যা দি নৃত্যশিল্পীকে ধৰি আন অভিনেত্ৰীৰ সৈতেও তেওঁ অবৈধ সম্পৰ্ক ৰখাৰো অভিযোগ আনে।

ইপিনে, অভিনেত্ৰী মৌচুমী লস্কৰে অনা অভিযোগক নস্যাৎ কৰে চিৰঞ্জীৱ থিয়েটাৰৰ প্ৰযোজক দুলুমণি দাসে। নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত দাসে অভিনেত্ৰীগৰাকীয়ে দুটাকৈ ঘটনাৰে অভিনেত্ৰী মৌচুমীয়ে নাট্যদলটোক বিপদত পেলাইছিল বুলি জানিবলৈ দিয়ে।

‘মৌচুমী লস্কৰক আন শিল্পীয়ে যি পদ্ধতিত মাননি লাভ কৰে সেইদৰে মাননি দিয়া হৈছিল। থিয়েটাৰত মাজে সময়ে মাননি দিয়াত কিছু বাকী ৰখা হয় যদিও সেয়া এটা সময়ত আদায় দিয়া হয়, আমি তেনেকৈয়ে যোৱা ১০ বছৰ ধৰি থিয়েটাৰ চলাই আছো। মৌচুমীকো প্ৰাপ্য ঠিকেই আদায় দিয়া হৈছিল। কিন্তু তেওঁহে দুটা ঘটনাৰে দলটোক বিপদত পেলাইছিল’, প্ৰযোজক দুলুমণি দাসে কয়।

অভিনেত্ৰীগৰাকীয়ে ধুবুৰীৰ গৌৰীপুৰত থিয়েটাৰৰ মঞ্চসজ্জাৰ দলৰ কোনো শিল্পীৰ সৈতে মাৰপিটৰ ঘটনা সংঘটিত কৰাৰ উপৰিও দৰ্শনী চলি থকাৰ মাজতেই মঞ্চৰ পৰা নামি গুচি যোৱাৰ বুলি অভিযোগ আনে। ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকীয়ে সেই ঘটনাৰ পিছদিনা কাকো নজনোৱাকৈ সেই স্থান ত্যাগ কৰি গুচি অহাৰ কথাও তেওঁ জানিবলৈ দিয়ে। পাছত বৰপেটাৰ ভৱানীপুৰৰ পৰা তেওঁক থিয়েটাৰ দলটোৱে বুজাই বঢ়াই নিয়াৰ কথা জানিবলৈ দিয়ে। অৱশ্যে এই কথা মৌচুমী লস্কৰেও ভিডিঅ’টোত উল্লেখ কৰিছে।

ইয়াৰ পাছত যোৰহাটৰ চেলেংহাটত অভিনেত্ৰীগৰাকীয়ে দ্বিতীয় দৰ্শনীৰ দিনা হঠাৎ ৫০ হাজাৰ থকা প্ৰযোজকক দাবী কৰি অভিনয় নকৰে বুলি জনাইছিল বুলিও তেওঁ কয়। তেতিয়া দলটোৰ আন আন নাট্যকৰ্মীসকলৰ সৈতে আলোচনা কৰি তেওঁক বাদ দি পৰৱৰ্তী নাটক কৰাৰ সিদ্ধান্ত লোৱা বুলিও জানিবলৈ দিয়ে।

ইপিনে, তেওঁৰ চৰিত্ৰক লৈ অভিনেত্ৰী গৰাকীয়ে অনা অভিযোগ সন্দৰ্ভত দুলুমণি দাসে কয়, ‘মোৰ সৈতে বহু অভিনেত্ৰীয়েই কাম কৰিছে, কাৰোবাক সুধি চাওক কোনোবাই তেনে অভিযোগ কৰিব পাৰেনে?’