NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ খচৰাত নাম নাই অসম আন্দোলনৰ চহিদ বৈজন্তী দেৱীৰ পৰিয়ালৰ সদস্যৰ

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক June 30, 2019 8:47 pm
Guwahati- Bharatiya Gorkha Parishad press meet (2)

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ কামৰ চূড়ান্ত পৰ্য্যায় চলি থকা অৱস্থাত বৈধ ভাৰতীয় লোকৰ বিৰূদ্ধে ভুৱা আপত্তি দাখিলৰ বিষয়টোৱে চৰ্চা লাভ কৰি থকা সময়তে এইবাৰ অসম আন্দোলনৰ চহিদৰ পৰিয়ালৰ লোকৰ নাম খচৰাৰ পৰা বাদ পৰাৰ তথ্য পোহৰলৈ আহিছে। কেৱল জাতীয় চহিদৰ পৰিয়ালৰ লোকেই নহয় খচৰাৰ পৰা বাদ কৰিছে স্বাধীনতা সংগ্ৰামী পৰিয়াল আৰু সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনত বৰঙণি আগবঢ়াই যোৱা ব্যক্তিৰ নাম।

বিগত সময়ছোৱাত ধৰ্মীয় তথা ভাষিক সংখ্যালঘুসকলৰ একাংশ ব্যক্তি তথা সংগঠনৰ ফালৰ পৰা এই অভিযোগ উত্থাপন হৈ থকাৰ পাছত এইবাৰ অভিযোগ আনিছে গোৰ্খা সংগঠনে। দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি এন আৰ চিৰ খচৰাৰ পৰা নাম বাদ পৰা গোৰ্খা সম্প্ৰদায়ৰ কেইবাটাও পৰিয়ালৰ তথ্য পোহৰলৈ আনে ভাৰতীয় গোৰ্খা পৰিসংঘ নামৰ সংগঠনটোৱে।

সংগঠনটোৱে জানিবলৈ দিয়া মতে শেহতীয়াভাৱে যোৱা ২৬ জুনত প্ৰকাশ পোৱা এন আৰ চিৰ অতিৰিক্ত খচৰাৰ পৰা বাদ পৰিছে অসম আন্দোলনৰ চহিদ তেজপুৰৰ বৈজন্তী দেৱীৰ ভাইবোৱাৰী নিৰ্মলা দেৱী আৰু দুই ভতিজা ক্ৰমে ৰোহিতাকাশ উপাধ্যায় আৰু মিহিৰণ উপাধ্যায়ৰ নাম।

সংগঠনটোৰ কেন্দ্ৰীয় যুৱ পৰিক্ৰমা বিভাগৰ সচিব তথা অসম ৰাজ্যিক সমিতিৰ সাংগঠনিক সম্পাদক নন্দ কিৰাতি দেৱানে সংবাদমেলত কয় যে বৈজন্তী দেৱীৰ পিতৃ তথা নিৰ্মলা দেৱীৰ শহুৰ অমৰ উপাধ্যায় অসম আন্দোলনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল আৰু ১৯৯১ চনত তেওঁ অগপৰ টিকটত বিধান সভা নিৰ্বাচনতো অৱতীৰ্ণ হৈছিল। তেনেস্থলত বোৱাৰী আৰু দুই নাতিৰ নাম এন আৰ চিৰ খচৰাৰ পৰা বাদ পৰা খবৰে ৯০ বছৰীয়া অমৰ উপাধ্যায়ক দুখ দিয়া বুলি সংগঠনটোৱে জানিবলৈ দিয়ে।

একেদৰে নেপালী সাহিত্য সভাৰ সভাপতি তথা সাহিত্য অকাডেমি বঁটাপ্ৰাপক দূৰ্গা খাতিৱাৰাৰ নামো খচৰা তালিকাৰ পৰা বাদ পৰাৰ কথা সংগঠনটোৱে জানিবলৈ দিয়ে। খাতিৱাৰাৰ পিতৃৰ নাম ১৯৫১ চনৰ এন আৰ চিত থকা বুলিও সদৰি কৰে ভাৰতীয় গোৰ্খা পৰিসংঘই।

এন আৰ চিৰ সমান্তৰালকৈ ‘ডি ভোটাৰ’ৰ সমস্যাইও গোৰ্খা সম্প্ৰদায়ৰ লোকসকলৰ বাবে ত্ৰাসৰ সৃষ্টি কৰা বুলি মন্তব্য কৰে ভাৰতীয় গোৰ্খা পৰিসংঘই। ‘ডি ভোটাৰ’ৰ নামত হাৰাশাস্তি হ’বলগীয়া ঘটনা সংঘটিত হৈছে মুক্তিযোদ্ধা ছবিলাল উপাধ্যায়ৰ পৰিয়ালৰ ক্ষেত্ৰত। স্বাধীনতা সংগ্ৰামী তথা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিস্থাকালৰ ব্যক্তি উপাধ্যায়ৰ আজোনাতিনী মঞ্জু দেৱীক ‘ডি ভোটাৰ’ সজোৱা বুলি সংগঠনটোৱে জানিবলৈ দিয়ে।

গোৰ্খা সম্প্ৰদায়ৰ এইসকল লোকৰ নাম এইদৰে এন আৰ চিৰ পৰা বাদ পৰা বা ‘ডি ভোটাৰ’ হিচাপে তালিকাভুক্ত হোৱাৰ পাছত এইক্ষেত্ৰত অসম চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে অসম গোৰ্খা পৰিসংঘই।

‘অসম আন্দোলনৰ চহিদ আৰু মুক্তিযোদ্ধাৰ পৰিয়ালৰ নাম এন আৰ চিৰ পৰা বাদ পৰা বিষয়টো চহিদ তথা মুক্তিযুঁজাৰুলৈ এটা অপমান। অহা ৪৮ ঘন্টাৰ ভিতৰত অসম চৰকাৰে এই সন্দৰ্ভত এটা সিদ্ধান্ত জনাওক বা গোৰ্খা সম্প্ৰদায়ৰ দল সংগঠনৰ লগত আলোচনা কৰক’, সংগঠনটোৰ হৈ নন্দ কিৰাতি দেৱানে সংবাদমেলত কয়।

চূড়ান্ত এন আৰ চি প্ৰকাশ পোৱা পূৰ্বেই এই বিষয়সমুহ মিমাংসা কৰাৰ বাবেও সংগঠনটোৱে দাবী উত্থাপন কৰে। অন্যথা আইনৰ কাষ চপাৰ উপৰি গোৰ্খা সংগঠনসমূহে ইয়াৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্য্যসূচীও হাতত ল’ব বুলি জানিবলৈ দিয়ে।