NORTHEAST NOW (Assamese)
অসম

দুগুণ বৃদ্ধি কৰা হ’ল ক্ৰীড়াবিদ সকলৰ মাহেকীয়া পেঞ্চন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 1, 2019 9:27 pm
Kiren-Rijiju-PTI

আৰ্থিক সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ আগশাৰীৰ তথা প্ৰতিভাসম্পন্ন ক্ৰীড়াবিদ সকলৰ মাহেকীয়া পেঞ্চন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে। আজি এই কথা ঘোষণা কৰিছে ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেন ৰিজিজুৱে।

এতিয়াৰ পৰা অলিম্পিক আৰু পেৰা অলিম্পিক গেইমছৰ পদক বিজেতা সকলে মাহেকত লাভ কৰিব ২০ হাজাৰকৈ টকা। অলিম্পিক আৰু এছিয়ান গেইমছৰ আৰ্হিত হোৱা ৱৰ্ল্ড কাপ আৰু ৱৰ্ল্ড চেম্পিয়নছৰ স্বৰ্ণ পদক বিজেতা সকলে মাহেকত ১৬ হাজাৰ আৰু ৰূপ আৰু ব্ৰঞ্জ বিজেতা সকলে ১৪ হাজাৰকৈ টকা পেঞ্চন লাভ কৰিব।

ইফালে এছিয়ান, কমনৱেল্থ আৰু পেৰা এছিয়ান গেইমছত স্বৰ্ণ পদক বিজেতা সকলে ১৪ হাজাৰ, ৰূপ আৰু ব্ৰঞ্জ বিজেতা সকলে লাভ কৰিব ১২ হাজাৰকৈ টকা।

আনহাতে অৱসৰ গ্ৰহণ কৰা ক্ৰীড়াবিদ সকলক স্প’ৰ্টছ কোটাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগত চাকৰি আগবঢ়াব বুলি ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে আজি ৰাজ্যসভাত লিখিত প্ৰত্যুত্তৰত জানিবলৈ দিয়ে।

ইয়াৰ উপৰি অৱসৰ গ্ৰহণ কৰা ক্ৰীড়াবিদ সকলক নেশ্যনেল ডেভ’লপমেণ্ট স্প’ৰ্টছ ফাণ্ডৰ অধীনত একাডেমি স্থাপন তথা অন্যান্য সা-সুবিধা প্ৰদান কৰা হ’ব বুলিও জানিবলৈ দিয়ে। লগতে যি সকল ক্ৰীড়াবিদে আৰ্থিক সংকটত ভুগি আছে সেই ক্ৰীড়াবিদ সকলক ক্ৰীড়া মন্ত্ৰণালয়ৰ সৈতে যোগাযোগ কৰিবলৈও অনুৰোধ জনায়।