NORTHEAST NOW (Assamese)
অসম

অসমৰ বিভিন্ন প্ৰান্তত ৫০০ খন খেলপথাৰৰ উন্নীতকৰণৰ বাবে গ্ৰহণ কৰা আঁচনিৰ অগ্ৰগতিৰ খতিয়ান জানিব বিচাৰিলে মুখ্য মন্ত্ৰীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 2, 2019 6:33 pm
Sonowal playing football

‘মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ মেগা মিছন ছ’চাইটিৰ অধীনস্থ আসাম ইয়ুথ ডেভেলেপমেণ্ট মিছন ছ’চইটিৰ এক পৰ্যালোচনামূলক বৈঠক সোমবাৰে সন্ধিয়া মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৌৰহিত্যত জনতা ভৱনৰ মুখ্য মন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত হয়। বৈঠকত ৰাজ্যখনৰ ক্ৰীড়াৰ আন্তঃগাঁথনি আৰু ক্ৰীড়া উন্নয়নৰ বিভিন্ন দিশ সম্পৰ্কত পৰ্যালোচনা কৰা হয়।

বৈঠকত মুখ্য মন্ত্ৰী সোণোৱালে কয় যে ৰাজ্যখনৰ গ্ৰাম্য প্ৰতিভাসমূহৰ অধিক বিকাশৰ বাবে এক প্ৰতিযোগিতামুখী মানসিকতাৰ সৃষ্টি কৰিব লাগিব। সেইবাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ক্ৰীড়া আঁচনিসমূহ সফলভাবে ৰূপায়ন কৰিব লগিব বুলি মুখ্য মন্ত্ৰীয়ে কয়।

বৈঠকত মুখ্য মন্ত্ৰীয়ে মিছনৰ অধীনত অসমৰ বিভিন্ন প্ৰান্তত ৫০০ খন খেলপথাৰ উন্নীতকৰণৰ বাবে গ্ৰহণ কৰা আঁচনিৰ অগ্ৰগতিৰ খতিয়ান জানিব বিচাৰে।

খেলপথাৰ উন্নয়ন কাৰ্য্যসূচীক ‘খেল’ ইণ্ডিয়া’ৰ দৰে অভিলাষী আঁচনি কৰিব পৰা যায় বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে গ্ৰামাঞ্চলৰ ক্ৰীড়া প্ৰতিভাসমূহক উদগণি যোগাবলৈ তৃণামূল পৰ্যায়ত সংযোগ স্থাপন কৰাৰ বাবে জিলা পৰ্যায়ৰ ক্ৰীড়া বিষয়াসকলক নিৰ্দেশ দিয়ে। সোণোৱালে লগতে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ সামগ্ৰিক স্থিতি উন্নীতকৰণৰ বাবে জেষ্ঠ খেলুৱৈ, ক্ৰীড়া বিশেষজ্ঞৰ পৰামৰ্শ ল’বলৈও আহ্বান জনায়।

অলিম্পিক, এছিয়ান গেমছ, ৰাষ্ট্ৰীয় গেমছৰ দৰে যিবোৰ খেলৰ শাখাত ৰাজ্যৰ খেলুৱৈয়ে পদক লাভ কৰাৰ সম্ভাৱনা আছে সেই সম্ভাৱনা সমূহ বিকাশিত কৰি তোলাৰ ওপৰতো মুখ্য মন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে।

মুখ্য মন্ত্ৰীয়ে কয় যে ক্ৰীড়া বিভাগৰ বিষয়া সকলে গ্ৰামাঞ্চললৈ গৈ ক্ৰীড়াৰ ক্ষেত্ৰত অধিক সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰিব লাগিব। মুখ্য মন্ত্ৰীয়ে গুৱাহাটীক ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়ি তোলা আৰু ৰাজ্যৰ ক্ৰীড়া প্ৰতিভাসমূহক আৰু অধিক আগুৱাই নিয়াৰ বাবে দেশ-বিদেশৰ পৰা ক্ৰীড়া বিশেষজ্ঞসকলক আনি তৃণামূল পৰ্যায়লৈ ক্ৰীড়াৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

বৈঠকত ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰ, মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ মেগা মিছন ছ’চাইটিৰ মুখ্য কাৰ্য্যবাহী বিষয়া আৰ টি জিণ্ডাল, বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ সিনহা প্ৰমুখ্যে ক্ৰীড়া বিভাগৰ বিষয়া সকল উপস্থিত থাকে।