NORTHEAST NOW (Assamese)
অসম

জনপ্ৰিয় ধাৰাবাহিক ‘বৰলা কাই’ৰ চিত্ৰ নাট্যকাৰ বিপুল বশিষ্ঠ গোস্বামীৰ দেহাৱসান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 4, 2019 12:37 pm

অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ দুঃখবৰ কঢ়িয়াই আজি ৰাতিপুৱা ৮.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট চিত্ৰ নাট্যকাৰ বিপুল বশিষ্ঠ গোস্বামীয়ে।

গুৱাহাটীৰ হায়াট হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰা গোস্বামীয়ে যোৱা ৩০ জুনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছিল।

উল্লেখ্য যে অসমীয়া চলচ্চিত্ৰ বেউলাৰ বিয়া, দেউতা- ৰাজা, দুৱৰী বনৰ দলিছা, প্ৰেম নাথৰ প্ৰেম আদিৰ উপৰি ৰং চেনেলৰ জৰিয়তে প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিক ‘বৰলা কাই’ৰ চিত্ৰ নাট্যকাৰ ৰূপে সাংস্কৃতিক ক্ষেত্ৰখনত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল গোস্বামী।

মূলতঃ অপেচাদাৰী নাট্য আন্দোলনৰ নিপুন সৈনিকজনৰ মৃত্যুত পৰিয়ালৰ লোকৰ লগতে শোকস্তব্ধ হৈ পৰিছে নলবাৰী। নলবাৰীৰ মালিকুছিৰ বাসিন্দা বিপুল বশিষ্ঠ গোস্বামীৰ মৃত্যুত নলবাৰী জিলা ছাত্ৰ সন্থা, জিলা সাহিত্য সভা, অসম নাট্য সন্মিলন, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদিৰ উপৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।

মাত্ৰ ৫৫ বছৰ বয়সতে মৃত্যুক আকোঁৱালি লোৱা গোস্বামীয়ে মৃত্যুৰ সময়ত পত্নীসহ এগৰাকী কন্যা আৰু অজস্ৰ গুণমুগ্ধক এৰি থৈ যায়। জানিব পৰা মতে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া আজি নলবাৰীতে সম্পন্ন কৰা হ’ব।