NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়াত খেলি থাকোতে টিপং নৈৰ পানীত পৰি শিশু সন্ধানহীন

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ July 5, 2019 10:14 pm
girl Missing after fall into the river

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিপং নৈৰ পাৰত খেলি থাকোতে এগৰাকী শিশু নৈৰ পানীত পৰি সন্ধানহীন হৈ থকাৰ বাতৰি লাভ কৰা গৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি, শুকুৰবাৰে বিয়লি মাৰ্ঘেৰিটাৰ টিৰাপ গেটৰ গেন্ধেলী গোৱালা(৮) নামৰ শিশুগৰাকীয়ে আন একংশ সমনীয়াৰ সৈতে টিপং নৈৰ গড়াৰ কাষত খেলি আছিল। সমনীয়াৰ সৈতে ৰং-ধেমালী কৰি থকাৰ সময়তে অসাবধনতাৱসত গেন্ধেলী গোৱালা পিছলি টিপং নৈত ভৰা পানীত পৰি যায়।

লগতে পঢ়ক : বলাবলাৰ জিনাৰী নৈত গা ধুবলৈ গৈ শিশু সন্ধানহীন; আৰক্ষী, এছ ডি এৰ এফৰ তীব্ৰ উদ্ধাৰ অভিযান

এই খবৰ বিয়পি পৰাৰ লগে লগে শিশুগৰাকীৰ পৰিয়ালৰ লোকৰ লগতে গাঁওৰ অন্যান্য লোকসকল ঘটনাস্থলীত উপস্থিত হৈ শিশুগৰাকীক উদ্ধাৰৰ বাবে অভিযান চলাই।

বৰ্তমান খবৰ লাভ কৰা সময়লৈ নৈৰ পানীত পৰি সন্ধানহীন হৈ থকা শিশুগৰাকীৰ কোনো ধৰণৰ সম্ভেদ লাভ কৰিব পৰা হোৱা নাই।পৰিয়ালৰ লোকসকলে সুস্থ শৰীৰে শিশুগৰাকীক উদ্ধাৰ কৰিব পৰা যাব বুলি অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে।