NORTHEAST NOW (Assamese)
Popular Stories

পোলেণ্ডত অসম কন্যা হিমা দাসৰ দ্বিতীয়টো সোণৰ পদক অৰ্জন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 8, 2019 9:13 am

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আকৌ এবাৰ উজলি উঠিছে অসম কন্যা হিমা দাস। ভাৰতৰ তাৰকা দৌৰবিদ অসম সন্তান হিমা দাসে পুনৰ পোলেণ্ডত দ্বিতীয়টো সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

পোলেণ্ডত চলি থকা ‘কুটন’ এথলেটিকছ মিটত’ এইবাৰ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে হিমা দাস।

হিমাই ‘কুটন’ এথলেটিকছ মিটত’ মহিলাৰ ২০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰে। এই ২০০ মিটাৰ দৌৰৰ প্ৰতিযোগিতাত হিমাই ২৩.৯৭ ছেকেণ্ডত নিজৰ দৌৰ সম্পূৰ্ণ কৰি শীৰ্ষ স্থানত ৰয়।

উল্লেখযোগ্য যে পোলেণ্ডত এসপ্তাহৰ ভিতৰতে দৌৰবিদ হিমা দাসে দুটাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে হিমাই মঙলবাৰে ‘পোজনান এথলেটিকছ গ্ৰাণ্ড পিক্সত’ মহিলাৰ দুশ মিটাৰ শাখাত চমকপ্ৰদ প্ৰদৰ্শনেৰে সোণৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল।