NORTHEAST NOW (Assamese)
Popular Stories

১০ জুলাইত ঘোষণা কৰা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকৰ ফলাফল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 8, 2019 9:15 pm
Guwahati University

অহা ১০ জুলাইত অৰ্থাৎ বুধবাৰে পুৱা ১০ বজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ ২০১৯ বৰ্ষৰ স্নাতক কলা, স্নাতক বিজ্ঞান আৰু স্নাতক বানিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব।

‘ফলাফলসমূহ পুৱা ১০ বজাৰ পৰা গুৱাহাটী বিশ্ববিদ্যায়ৰ ৱেবছাইত (www.gauhati.ac.in) উপলব্ধ হ’ব। একেটা দিনতে বিশ্ববিদ্যালয়ৰ অতিৰিক্ত পৰীক্ষা নিয়ন্ত্ৰকৰ কাৰ্য্যালয়ে গ্ৰে’ড শ্বীটসমূহ ইছ্যু কৰিব।‘-অতিৰিক্ত পৰীক্ষা নিয়ন্ত্ৰক দেৱহৰী তালুকদাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে যোৱা মে’ আৰু জুন মাহত উক্ত পৰীক্ষাসমূহ অনুষ্ঠিত হৈছিল।

পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইত www.gauhati.ac.in/resultsত গৈ পৰীক্ষাৰ ফলাফল চাব পাৰিব।

কিদৰে ফলাফল চাব পাৰিব-

১. আপোনাৰ ৰোল ক’ড আৰু ৰোল নম্বৰ লগত ৰাখিব।

২. বিশ্ববিদ্যালয়ৰ ৱেবছাইট খুলি ল’ব।

৩. হোম পে’জত থকা Result of TDC BA, BSC and BCom examinations, 2019 results লিংকটোত ক্লিক কৰিব।

৪. কলা, বিজ্ঞান আৰু বানিজ্যৰ বাবে পৃথক পৃথক লিংক থাকিব। তাত আপুনি নিজৰ ৰোল ক’ড আৰু ৰোল নম্বৰ দুটা ভৰাই Check Resultsত ক্লিক কৰিব।

৫. ফলাফলৰ পে’জটো ডাউনলোড কৰি তাৰ এটা প্ৰিণ্ট উলিয়াই ল’ব।