NORTHEAST NOW (Assamese)
অসম

প্ৰধান মন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব গুৱাহাটীত অনুষ্ঠিত হ’ব লগা বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ

Posted by: এন ই নাও নিউজ January 26, 2018 5:44 pm
cm-road-show

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩ আৰু ৪ ফেব্ৰুৱাৰিত গুৱাহাটীত অনুষ্ঠিত হ’ব লগা বিশ্ব বিনিয়োগকাৰী সন্মিলন উদ্বোধন কৰিব।

গুৱাহাটীত কালি সন্মিলনখনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে কালি অনুষ্ঠিত কৰা এক পৰ্য্যালোচনা বৈঠকৰ পিছতে এই ঘোষণা কৰে উদ্যোগ মন্ত্ৰীগৰাকীয়ে।

সন্মিলনখনত দেশৰ আগশাৰীৰ উদ্যোগপতি ৰতন টাটা, মুকেশ আম্বানি, দিলীপ চাংভি আদিয়ে অংশ গ্ৰহণ কৰাৰ কথা। তাৰোপৰি দেশ-বিদেশৰ বাণিজ্যিক সম্প্ৰদায়ৰ প্ৰায় ২৫০০ গৰাকী প্ৰতিনিধিয়ে এই সন্মিলনত ভাগ ল’ব বুলি আশা কৰা হৈছে।

উল্লেখযোগ্য যে দুদিনীয়া বাণিজ্যিক সন্মিলনখনত কৃষি আৰু খাদ্য প্ৰস্তুতি, জৈৱিক খেতি আৰু বাঁহ, হস্ত তাঁত, বস্ত্ৰ আৰু হস্ত শিল্প, পৰিৱহন, জল পৰিৱহন, তথ্য প্ৰযুক্তি, দৰৱ আৰু চিকিৎসা সঁজুলি, প্লাস্তিক আৰু পে’ট্ৰ্কেমিকেল, শক্তি, পৰ্য্যটন, আতিথ্য, বিমান পৰিৱহন, প্ৰাকৃতিক গেছ আৰু স্তাৰ্ট আপ আদি ১২ টা ক্ষেত্ৰত এই সন্মিলনখনত বিশেষ গুৰুত্ব দিয়া হ’ব।

পাটোৱাৰীয়ে লগতে কয়, ‘ৰাজ্যখনৰ আৰ্থিক বিকাশৰ বাবে আমাৰ প্ৰতিশ্ৰুতিপূৰ্ণ খণ্ডসমূহত বিনিয়োগ জৰুৰী।’

অসমক আছিয়ানৰ প্ৰৱেশপথ হিচাপে প্ৰতিষ্ঠা কৰাতো সন্মিলনখনৰ লক্ষ্য বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে লগতে কয় যে সন্মিলনখন এক্ত ইষ্ট নীতিৰ মূল নীতিসমূহৰ আধাৰত আয়োজন কৰা হৈছে।

মোদীৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাদকাৰি, ধৰ্মেন্দ্ৰ প্ৰধান, জিতেন্দ্ৰ সিং, কিৰেন ৰিজিজু, সুৰেশ প্ৰভু, ৰবি শংকৰ প্ৰসাদ আৰু স্মৃতি ইৰানীয়েও এই সন্মিলনখনত ভাগ লোৱাৰ সম্ভাৱনা আছে বুলি মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে।

সন্মিলনখন সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।