NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত আবকাৰী বিভাগৰ চুলাই মদৰ বিৰুদ্ধে ব্যাপক অভিযান; জব্দ হাজাৰ হাজাৰ লিটাৰ দেশী-বিদেশী সুৰা

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ July 12, 2019 11:16 am
Exice duty operation at Sivasar

শিৱসাগৰ সদৰ অবকাৰী বিভাগে বৃহস্পতিবাৰে ডিমৌৰ নিতাইপুখুৰীৰ নিতাইবজাৰ, বান্দৰমাৰী, পাৰলুগুৰি, বিপন হাবী, গোহাঁইবাৰী চাহ বাগিছা আদি অঞ্চলত অভিযান চলাই বাহনিৰ মাজত লুকুৱাই থোৱা বৃহৎ পৰিমাণৰ চুলাই মদ জব্দ কৰি নষ্ট কৰিবলৈ সক্ষম হয়। অভিযানকালত দলটোৱে বৃহৎ সংখ্যক অবৈধ বিদেশী সুৰা, বিয়েৰ  জব্দ কৰে।

আনহাতে, একে সময়তে আমগুৰিৰ চক্ৰৰ অবকাৰী বিভাগে হাতীমূৰীয়া গাঁৱত অভিযান চলাই প্ৰায় ১০০০ লিটাৰ চুলাই মদ নষ্ট কৰে।

উল্লেখযোগ্য যে, বিগত কিছুদিন ধৰি শিৱসাগৰ সদৰ অবকাৰী  বিভাগে অবকাৰী পৰিদৰ্শক অৰুণজ্যোতি সোণোৱালৰ নেতৃত্বত নগৰৰ বিভিন্ন স্থানত থকা অবৈধ সুৰা ঘাটিৰ লগতে হাঁহচৰাৰ শনিবৰীয়া বজাৰ, ডিমৌৰ নিতাইপুখুৰী, কচাৰী পথাৰ, ধ্যানগাওঁ, চৰগুৱাগ্ৰাণ্টৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ ধাবা সমুহত  তীব্ৰ অভিযান চলাই আহিছে।

নাজিৰা অৱকাৰী বিভাগে অবকাৰী পৰিদৰ্শক আশুতোষ বৰুৱাৰ নেতৃত্বত  নাজিৰাৰ অ’এনজিচি কলনি গেট, ওপৰ নাজিৰা, বামুনপুখুৰী চাহ বাগিছা, চানবেচা, শিমলুগুৰি ৰেল ষ্ট্যেচন আদি অঞ্চলত চুলাই মদৰ ঘাটিৰ লগতে অবৈধ মদৰ ঘাটিত অভিযান চলাই আছে।

আমগুৰি চক্ৰৰ অবকাৰী বিভাগে অবকাৰী পৰিদৰ্শক কনকন বৰাৰ নেতৃত্বত আমগুৰিৰ দেওৰজা, হাতীমূৰীয়া আদি অঞ্চলত অভিযান চলাই কেইবা হাজাৰ লিটাৰ চুলাই মদ নষ্ট কৰিবলৈ সক্ষম হয়।

তদুপৰি, অবকাৰী বিভাগে জিলাখনৰ বিভিন্ন ধাবা, অবৈধ মদৰ দোকানত অতৰ্কিতে অভিযান চলাই সুৰা পান কৰি থকা বহু কেইজন  ব্যক্তিক আটক কৰে আৰু ৫০০০ টকা পৰ্য্যন্ত  জৰিমনা বিহে। লগতে এনে ধাবা তথা অবৈধ সুৰাৰ দোকানৰ পৰা বৃহৎ পৰিমাণৰ বিলাতী সুৰা, বিয়েৰ জব্দ কৰে।

জিলাখনত অবকাৰী বিভাগে চলোৱা এই অভিযানক শিৱসাগৰবাসী ৰাইজে প্ৰশংসা কৰাৰ লগতে সুৰাৰ বিৰুদ্ধে আৰম্ভ কৰা অভিযান অব্যাহত ৰাখিবলৈ অনুৰোধ জনাই। স্থানীয় একাংশ ৰাইজে চহৰৰ মাজমজিয়াৰ বিভিন্ন স্থানত এতিয়াও অবৈধ সুৰাৰ বেপাৰ চলি আছে আৰু সেই স্থান সমুহত অবকাৰী বিভাগে এতিয়ালৈ অভিযান চলোৱা নাই বুলি উল্লেখ কৰি উক্ত স্থানসমুহতো অভিযান চলাবলৈ দাবী জনাইছে।