NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত শ্ৰী শ্ৰী জগন্নাথ,বলভদ্ৰ আৰু সুভদ্ৰা দেৱীৰ ৰথযাত্ৰাৰ সামৰণি

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী July 13, 2019 7:07 am
IMG-20190712-WA0032

ওড়িশাৰ ঐতিহ্যমণ্ডিত জগন্নাথ মন্দিৰৰ লগতে সমগ্ৰ দেশত উলহ-মালহেৰে পালন কৰা জগন্নাথ ৰথ যাত্ৰাৰ সমান্তৰালভাৱে বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ ভৱানীপুৰ গোবিন্দ মন্দিৰ প্ৰাংগনত চাৰি জুলাইৰ পৰা নদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা শ্ৰীশ্ৰী জগন্নাথ,বলোভদ্ৰ আৰু সুভদ্ৰা দেৱীৰ ৰথযাত্ৰা মহোৎসৱৰ আজি সামৰণি পৰে৷

আজিৰ অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি তিতাগুড়িৰ ভৱানীপুৰ ৰাধাগোবিন্দ মন্দিৰ প্ৰাংগণৰ পৰা কদমতলা হৈ  সহস্ৰাধিক ভক্তৰ উপস্থিতিত জে.ডি.পথ, শান্তিনগৰ, সুভাষপল্লী হৈ কোকৰাঝাৰ চহৰৰ মাজেদি এক বিশাল ৰথযাত্ৰা উলিওৱা হয়৷

অন্তিম দিনৰ ৰথযাত্ৰাৰ মাংগলিক অনুষ্ঠান আৰু মংগল উৰুলিৰ মাজত শুভ উদ্বোধন কৰি বিশিষ্ট সমাজকৰ্মী অৰুপ কুমাৰ দেই ৰথযাত্ৰা মহোৎসৱৰ তাৎপৰ্য বাখ্যা কৰে।

উল্লেখযোগ্য যে, ৰাধা গোবিন্দ মন্দিৰৰ উপৰিও কোকৰাঝাৰ কালী মন্দিৰ প্ৰাংগণত চলি থকা ৰথযাত্ৰা মহোৎসৱৰো আজি সামৰণি পৰে৷

নদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা মাংগলিক ৰথ যাত্ৰা মহোৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হেজাৰ হেজাৰ ভক্তৰ সমাগমেৰে উখল-মাখল হৈ পৰে কোকৰাঝাৰ চহৰ।

ৰথ যাত্ৰা মহোৎসৱত অংশগ্ৰহণ কৰা ভক্তসকলে ঐতিহ্যমণ্ডিত ৰথ যাত্ৰাই সকলো স্তৰৰ জনসাধাৰণৰ বাবে মংগল আৰু কুশলবাৰ্তা কঢ়িয়াই আনি সমাজত সুখ-শান্তি বৃদ্ধি কৰিব বুলি বিশ্বাস কৰি আহিছে।