NORTHEAST NOW (Assamese)
অসম

পথাৰত ভূঁই ৰোৱাত ব্যস্ত থকাৰ সময়তে ছিগিল মথাউৰি, হাহাকাৰ পৰিস্থিতি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 15, 2019 9:45 am

সমগ্ৰ ৰাজ্যতে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। বাঢ়নী পানীয়ে ছিঙিছে এটাৰ পিছত এটা মথাউৰি। একেদৰে দেওবাৰে অৰ্থাৎ ১৪ জুলাইত কোকৰাঝাৰ জিলাৰ টাকটাৰা গাঁৱত থকা মথাউৰি সৰলভাঙা নদীৰ বাঢ়নী পানীয়ে ছিঙি নিয়ে।

গাঁওখনৰ সৰহসংখ্যক লোকেই পথাৰত ভূঁই ৰোৱাত ব্যস্ত থকাৰ সময়তে হঠাৎ মথাউৰি ছিগি যোৱাত সমগ্ৰ গাঁওখনতে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। বাঢ়নী পানীয়ে মথাউৰি উটুৱাই নিয়াৰ পিছতে সমগ্ৰ গাওঁখনেই জলমগ্ন হৈ পৰে। ফলত গাঁওখনৰ সকলো নিজৰ নিজৰ সা-সম্পত্তি বচাবলৈ তৎপৰ হৈ পৰে।

আনহাতে এই কথা মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই জানিব পাৰি টাকটাৰা গাঁৱত উপস্থিত গাঁওবাসীৰ দুৰ্দশাৰ বুজ লয়। লগতে বন্যাৰ্তসকলৰ মাজত অতি শীঘ্ৰে খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই প্ৰশাসনক নিৰ্দেশ দিয়ে।

ইফালে বাঢ়নী পানীৰ ফলত ছিগি যোৱা মথাউৰি সন্দৰ্ভত গাঁওৱাসীয়ে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মক অভিযোগ দি কয় যে মথাউৰি নিৰ্মাণৰ নামত বিধায়ক পুঁজিৰ পৰা লাভ কৰা ৮০ লাখ টকাৰ কাম কেইটামান জিঅ’ বেগ দিয়ে ঠিকাদাৰে নিজৰ দায়িত্ব সামৰে।

যাৰফলত গাঁওবাসীসকলে এনে দুৰ্ভোগ ভুগিব লগা হৈছে বুলি অভিযোগ উত্থাপন কৰি তেওঁলোকক উদ্ধাৰ কৰিবলৈ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মক আহ্বান জনায়।