NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ গণেশ নগৰত নাবালিকা “ধৰ্ষণ” ৬৮ বছৰীয়া ব্যক্তিৰ

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া July 16, 2019 10:32 pm
Teen girl 'raped' by aged man in Guwahati

গুৱাহাটী মহানগৰীৰ গণেশ নগৰত মঙলবাৰে এগৰাকী নাবালিকাক “ধৰ্ষণ” কৰিছে অক্ষয় বৰ্মন নামৰ এজন ৬৮ বছৰীয়া ব্যক্তিয়ে।

ওচৰ-চুবুৰীয়াই ঘটনাটো জানিব পাৰি ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়াত চান্দমাৰী আৰক্ষীয়ে আহি অভিযুক্তক নিজৰ জিম্মাত লয়।

দিনৰ প্ৰায় ১১.৩০ বজাত ঘটনাটো সংঘটিত হৈছে।

জানিব পৰা মতে, দোকান কৰিবলৈ আহি থকা নাবালিকাগৰাকীক ঘৰলৈ মাতি নি বৰ্মনে ধৰ্ষণ কৰে।

নাবালিকাগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

চান্দমাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল বৰাই জনাই যে তেওঁলোকে অভিযুক্তজনৰ সোধ-পোচ কৰি আছে।

নাবালিকাগৰাকীৰ অভিভাৱকে এই সংক্ৰান্তত এটা গোচৰ তৰিছে।