NORTHEAST NOW (Assamese)
অসম

চাকৰি : কৰ আয়ুক্ত (Commissioner Of Taxes),অসমত কনিষ্ঠ সহায়কৰ পদত নিযুক্তিৰ বাবে আবেদন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 19, 2019 4:08 pm
CT, Assam

কৰ আয়ুক্ত, অসমৰ কাৰ্য্যালয়ত ১৮ টা কনিষ্ঠ সহায়কৰ পদত নিযুক্তিৰ বাবে ভাৰতীয় নাগৰিকৰ পৰা আবেদন আহ্বান কৰিছে বিভাগটোৱে। শীঘ্ৰে বিভাগটোৱে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰি খালী হোৱা ১৮ টা পদত উপযুক্ত প্ৰাৰ্থীক নিযুক্তি দিব।

পদৰ নাম : কনিষ্ঠ সহায়ক (Junior Assistant)

পদৰ সংখ্যা : ১৮ টা

দৰমহাৰ নিৰিখ : ১৪,০০০-৪৯,০০০ লগতে গ্ৰেড পে’ ৬,২০০ টকা

শিক্ষাগত অৰ্হতা :

১. প্ৰাৰ্থী যিকোনো বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়ৰ পৰা যিকোনো বিষয়ৰ স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।

২. কম্পিউটাৰ জ্ঞান থকাটো বাধ্যতামূলক বিশেষকৈ ৱৰ্ড প্ৰোছেচৰ, স্পীড শ্বীট, গ্ৰাফিক্স প্ৰেজেনটেশ্যন, ইণ্টাৰনেট, ই-মেইল আদিৰ জ্ঞান থাকিব লাগিব।

বয়স : আবেদনকাৰীৰ বয়স ০১/০১/২০১৯ তাৰিখলৈ ২১ বছৰৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব। বিশেষ শ্ৰেণীৰ বাবে নিয়ম অনুসৰি বয়সৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা থাকিব।

কেনেদৰে আবেদন কৰিব : আবেদন কৰিব বিছৰা প্ৰাৰ্থীসকলে www.comtax.assam.gov.in ৱেবচাইটলৈ গৈ প্ৰয়োজনীয় ফৰ্ম পূৰণ কৰি আবেদন কৰিব লাগিব। নিয়োগ বিজ্ঞপ্তিটোৰ বিষয়ে সবিশেষ উক্ত ৱেবচাইটতে উপলব্ধ হ’ব।

আবেদন কৰাৰ শেষ তাৰিখ : ২ আগষ্ট, ২০১৯